ৰোমাণ্টিক অভিমুখিতা
From Wikipedia, the free encyclopedia
ৰোমাণ্টিক অভিমুখিতা বা প্ৰেম অভিমুখিতা ক স্নেহময় অভিমুখিতাও (affectional orientation) বোলা হয়। ইয়াৰ দ্বাৰা যিকোনো লিংগ বা যৌনতাৰ ব্যক্তিৰ প্ৰতি প্ৰেমময় সম্পৰ্ক গঢ়ি উঠিকে বুজোৱা হয়। একে লিংগৰ যৌন অভিমুখিতাৰ বিকল্প হিচাপে এই অভিধা ব্যৱহাৰ কৰা হয় বা সেই দৃষ্টিকোণৰ পৰা ই এক বৃহৎ পৰিসৰৰ অংশ।[1] উদাহৰণস্বৰূপে, এজন সৰ্বকামী ব্যক্তি বিবেচনাহীন ভাবে; নাৰী-পুৰুষ উভয়ৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰিব পাৰে। কিন্তু অন্তৰঙ্গ প্ৰেম কেৱল নাৰীৰ প্ৰতিহে অনুভব কৰে, বা কেৱল পুৰুষৰ প্ৰতিহে অনুভৱ কৰে। অকামি ব্যক্তিৰ ক্ষেত্ৰত যৌন অভিমুখিতাৰ তুলনাত প্ৰেমময় অভিমুখিতা; নিজৰ আকৰ্ষণ প্ৰকাশৰ হেতু উপযুক্ত বুলি বিবেচিত হয়।[2][3]যৌন আকৰ্ষণ আৰু ৰোমাণ্টিক আকৰ্ষণৰ মাজৰ সম্পৰ্ক এতিয়াও বিতৰ্কৰ অধীনত আৰু ই বৰ্তমানলৈ সম্পূৰ্ণকৈ বোধগম্য হোৱা নাই। [4][5] যৌন আৰু ৰোমাণ্টিক আকৰ্ষণক প্ৰায়ে একেলগে অধ্যয়ন কৰা হয় যদিও যৌন আৰু ৰোমাণ্টিক বৰ্ণালীৰ অধ্যয়নে এই সংখ্যাগতভাৱে নিম্নগৱেষণাৰ বিষয়টোৰ ওপৰত আলোকপাত কৰিছে, অৱশ্যে বৰ্তমানলৈ বহুখিনি সম্পূৰ্ণৰূপে বুজি পোৱা হোৱা নাই।[6]