ৰেড লাইট ডিষ্ট্ৰিক্ট
বেশ্যাবৃত্তি আৰু যৌনতা সম্বন্ধীয় ব্যৱসায় কেন্দ্ৰীভূত হোৱা চহৰীয়া অঞ্চল / From Wikipedia, the free encyclopedia
নিষিদ্ধ অঞ্চল বা সন্তুষ্টি প্ৰদানকাৰী এলাকা বা ৰেড লাইট ডিষ্ট্ৰিক্ট (ইংৰাজী: Red-light district) হ’ল এটা চহৰীয়া অঞ্চল, য’ত বেশ্যাবৃত্তি আৰু যৌনতা সম্বন্ধীয় ব্যৱসায়, যেনে- যৌন বিপনী, ষ্ট্ৰিপ ক্লাব, প্ৰাপ্তবয়স্কৰ থিয়েটাৰ আদি কেন্দ্ৰীভূত হোৱা দেখা যায়। বেছিভাগ ক্ষেত্ৰতে নিষিদ্ধ এলাকাসমূহ, বিশেষকৈ মহিলাৰ বেশ্যাবৃত্তিৰ সৈতে জড়িত যদিও কিছুমান এলাকাত পুৰুষৰ বেশ্যাবৃত্তি আৰু সমকামী আস্থানো থাকিব পাৰে।[1] বিশ্বৰ বহু ডাঙৰ চহৰৰ নিষিদ্ধ এলাকাসমূহে আন্তঃৰাষ্ট্ৰীয় পৰিচিতি অৰ্জন কৰিছে।[2]
বেশ্যালয়ৰ চিহ্ন হিচাপে ব্যৱহাৰ কৰা ৰঙা বন্তিৰ পৰা ৰেড-লাইট ডিষ্ট্ৰিক্ট শব্দটোৰ উৎপত্তি হৈছে ।[3]