![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/e/ea/Court_ladies_pounding_silk_from_a_painting_%2528%25E6%258D%25A3%25E7%25BB%2583%25E5%259B%25BE%2529_by_Emperor_Huizong.jpg/640px-Court_ladies_pounding_silk_from_a_painting_%2528%25E6%258D%25A3%25E7%25BB%2583%25E5%259B%25BE%2529_by_Emperor_Huizong.jpg&w=640&q=50)
ৰেচম
From Wikipedia, the free encyclopedia
ৰেচম (ইংৰাজী: Silk) এক প্ৰকাৰৰ প্ৰাকৃতিক প্ৰ'টিন তন্তু, যাক বহু ধৰণৰ বস্ত্ৰশিল্প বয়নৰ বাবে ব্যৱহাৰ কৰা হয়। ৰেচমৰ সৰ্বাধিক পৰিচিত প্ৰকাৰ বম্বেক্স মেৰী নামৰ ৰেচম পলুৰ লেটা গুটিৰ পৰা সংগ্ৰহ কৰা হয়। এক প্ৰকাৰৰ ৰেচম পলুৰ গুটিৰ পৰা এক ধৰণৰ সূতা পোৱা যায়। বিশেষ ব্যৱস্থাৰ জৰিয়তে ৰেচম পলুৰ কৃষিৰ দ্বাৰা বাণিজ্যিকভাৱে এই সূতা প্ৰস্তুত কৰা হয়। এই পদ্ধতিক ৰেচম শিল্প বোলে।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/e/ea/Court_ladies_pounding_silk_from_a_painting_%28%E6%8D%A3%E7%BB%83%E5%9B%BE%29_by_Emperor_Huizong.jpg/640px-Court_ladies_pounding_silk_from_a_painting_%28%E6%8D%A3%E7%BB%83%E5%9B%BE%29_by_Emperor_Huizong.jpg)