ৰাহুল দ্ৰাবিড়
From Wikipedia, the free encyclopedia
ৰাহুল দ্ৰাবিড় (ইংৰাজী: Rahul Dravid; ১১ জানুৱাৰী, ১৯৭৩) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ আৰু ভাৰতীয় জাতীয় দলৰ অধিনায়ক। তেওঁক বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ খেলুৱৈ সকলৰ ভিতৰত অন্যতম।[1] মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰা দ্ৰাবিড়ে ১২ বছৰ বয়সৰ পৰাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল আৰু পাছলৈ ১৫ অনূৰ্ধ্ব, ১৭ অনূৰ্ধ্ব আৰু ১৯ অনূৰ্ধ্ব পৰ্যায়ত নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল। দ্য ৱাল হিচাপে পৰিচিত দ্ৰাৱিড়ে ৱিজডেন ক্ৰিকেটাৰ্চ অলমঞ্চকৰ (Wisden Cricketers' Almanack) ২০০০ চনৰ বছৰটোৰ বিশ্বৰ পাঁচজন শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ তালিকাত স্থান লাভ কৰিছিল আৰু ২০০৪ চনত আই চি চি ৰ এৱাৰ্ড চেৰিমনীত বছৰটোৰ শ্ৰেষ্ঠ টেষ্ট খেলুৱৈ সন্মানেৰে সন্মানিত হৈছিল। ২০১১ চনৰ ডিচেম্বৰ মাহত কাণবেৰাত (Canberra) দ্ৰাৱিড় ব্ৰেডমেন অ'ৰেচন প্ৰদান কৰা প্ৰথমজন অনা-অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ৰূপে পৰিগণিত হয়।[2]
জি কিউ মেন অৱ দ্য ইয়েৰ-২০১২ বটা সভাত দ্ৰাবিড় | ||||
ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
জন্ম | ১১ জানুৱাৰী, ১৯৭৩ (৫১ বছৰ) ইন্দোৰ, মধ্য প্ৰদেশ, ভাৰত | |||
উপনাম | দ্য ৱাল, মিঃ দ্যিপেণ্ডেব্যল, জেমী | |||
উচ্চতা | 5 ফুট 11 ইঞ্চি (1.8 মিটাৰ) | |||
বেটিং শৈলী | সোঁ-হাত | |||
বলিং শৈলী | সোঁ-হাত অফ স্পিন | |||
ভূমিকা | অলৰাওণ্ডাৰ | |||
আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
জাতীয় দল | ভাৰত | |||
টেষ্ট অভিষেক | ২৬ জুন ১৯৯৬ বনাম ইংলেণ্ড | |||
অন্তিম টেষ্ট | ২৪ জানুৱাৰী ২০১২ বনাম অষ্ট্ৰেলিয়া | |||
অ'ডিআই অভিষেক | ৩ এপ্ৰিল ১৯৯৬ বনাম শ্ৰীলংকা | |||
অন্তিম অ'ডিআই | ১৬ চেপ্তেম্বৰ ২০১১ v ইংলেণ্ড | |||
অ'ডিআই চোলা নং. | ১৯ | |||
টি২০ অভিষেক | ৩১ আগষ্ট ২০১১ বনাম ইংলেণ্ড | |||
ঘৰুৱা দলৰ তথ্য | ||||
বছৰ | দল | |||
১৯৯০–২০১২ | কৰ্ণাটক | |||
২০০০ | কেণ্ট | |||
২০৩ | স্কটিজ চাল্টিৰ্জ | |||
২০০৮-২০১০ | ৰয়েল চেলেঞ্জাৰ্চ বেঙ্গলুৰু | |||
২০১১-২০১৩ | ৰাজস্থান ৰয়েলচ | |||
২০১৪ | মেলব'ৰ্ণ ক্ৰিকেট ক্লাৱ | |||
কেৰিয়াৰ পৰিসংখ্যা | ||||
প্ৰতিযোগিতা | টেষ্ট | এদিনীয়া | প্ৰথম শ্ৰেণী | লিষ্ট এ |
মুঠ খেল | ১৬৪ | ৩৪৪ | ২৯৮ | ৪৪৯ |
ৰাণ | ১৩, ২৮৮ | ১০, ৮৮৯ | ২৩, ৭৯৪ | ১৫, ২৭১ |
বেটিং গড় | ৫২.৩১ | ৩৯.১৬ | ৫৫.৩৩ | ৪২.৩০ |
শতক/অৰ্ধশতক | ৩৬/৬৩ | ১২/৮৩ | ৬৮/১১৭ | ২১/১১২ |
সৰ্বোচ্চ ৰাণ | ২৭০ | ১৫৩ | ২৭০ | ১৫৩ |
বল | ১২০ | ১৮৬ | ৬১৭ | ৪৭৭ |
উইকেট | ১ | ৪ | ৫ | ৪ |
বলিং গড় | ৩৯.০০ | ৪২.৫০ | ৫৪.৬০ | ১০৫.২৫ |
এটা ইনিংছত ৫টা উইকেট | 0 | 0 | 0 | 0 |
এখন খেলত ১০টা উইকেট | 0 | 0 | 0 | 0 |
শ্ৰেষ্ঠ বলিং | ১/১৮ | ২/৪৩ | ২/১৬ | ২/৪৩ |
কেচ্চ/ষ্টাম্পিং | ২১০/০ | ১৯৬/১৪ | ৩৫৩/১ | ২৩৩/১৭ |
উৎস: http://www.espncricinfo.com/india/content/player/33335.html ESPN Cricinfo, ৫ জুন ২০১৪ |
২০১২ চনৰ অক্টোবৰ মাহলৈকে টেষ্ট ক্ৰিকেট আৰু এদিনীয়া উভয়তে ১০,০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰাবিড় শচীন তেণ্ডুলকাৰ, ৰিকি পণ্টিং আৰু জেক কালিছৰ পাচতে বিশ্বৰ চতুৰ্থ আৰু দ্বিতীয় ভৰতীয়। [3] ২০০৪ চনত বাংলাদেশৰ বিৰুদ্ধে চিটাগঙত শতৰাণ অৰ্জন কৰাৰ লগেলগে দ্ৰাবিড় সকলো ১০খন টেষ্ট খেলা দেশৰ বিৰূদ্ধে ন্যূনতম এটা শতক অৰ্জন কৰা বিশ্বৰ প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়। দ্ৰাবিড়ৰ এই অভিলেখ এটিয়াও অক্ষুণ্ণ আছে। ২১০টা কেটচৰ সৈতে ২০১২ চনৰ অক্টোবৰ মাহলৈকে দ্ৰাবিড় আছিল টেষ্ট ক্ৰিকেটৰ সৰ্বাধিক কেটচ গ্ৰহণ কৰা খেলুৱৈ (উইকেট কীপাৰ নোহোৱা)।[4]
২০১১ চনৰ অগষ্ট মাহত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ভ্ৰমণ সমাপ্ত কৰি ওভতাৰ পাচতেই দ্ৰাৱিড়ে এদিনীয়া আৰু টি-টুৱেণ্টি ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ইয়াৰ পাছতেই ২০১২ চনৰ মাৰ্চ মাহত তেও আন্তঃৰাষ্ট্ৰীয় আৰু প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰে।[5] তেওঁ ২০১২ চনত ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ ভূমিকা পালন কৰিছিল।
২০১২ চনৰ ১ নবেম্বৰত ছিডনীত ৰাহুল দ্ৰাবিড় আৰু গ্লেন মেকগ্ৰাথক সপ্তম বাৰ্ষিক ব্ৰেডমেন বঁটা বিতৰণী সভাত সন্মানিত কৰা হয়। ২০০৪ বৰ্ষত পদ্মশ্ৰী সন্মান লাভ কৰা দ্ৰাৱিডে ২০১৩ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ লাভ কৰাৰ সন্মান অৰ্জন কৰে।[6] ২০১৪ চনত দ্ৰবিডে গ'স্প'টৰ্চ, বেংগালুৰুৰ উপদেষ্টা কমিটিৰ সদস্য হিচাপে যোগদান কৰে।