ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ
ভাৰতীয় নিয়ন্ত্ৰক সংস্থা / From Wikipedia, the free encyclopedia
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (ইংৰাজী: National Medical Commission) এক ভাৰতীয় নিয়ন্ত্ৰক সংস্থা যিয়ে চিকিৎসা সম্পৰ্কীয় বিষয়সমূহ নিয়ন্ত্ৰণ কৰে। ২০২০ চনৰ ২৫ ছেপ্টেম্বৰত ই পূৰ্বৰ ভাৰতীয় চিকিৎসা পৰিষদৰ ঠাইত নতুনকৈ গঠন কৰা হয়।[1][2] আয়োগে চিকিৎসা অৰ্হতাৰ স্বীকৃতি প্ৰদান কৰে, চিকিৎসা শিক্ষানুষ্ঠানসমূহক স্বীকৃতি প্ৰদান কৰে, চিকিৎসক সকলক পঞ্জীয়ন প্ৰদান কৰে আৰু চিকিৎসা পদ্ধতি নিৰীক্ষণ কৰে আৰু ভাৰতৰ চিকিৎসা আন্তঃগাঁথনিৰ মূল্যায়ন কৰে। ইয়াৰ পূৰ্বে ২০১৯ চনৰ জানুৱাৰী মাহত এখন অধ্যাদেশৰ দ্বাৰা ৬ মাহৰ বাবে এই আয়োগক প্ৰতিষ্ঠা কৰা হৈছিল। এই আয়োগ গঠনৰ বিধেয়ক ভাৰতৰ সংসদে গৃহীত কৰাৰ পিছত ২০১৯ চনৰ ৮ আগষ্টত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছিল।[3]
ক্ষিপ্ৰ তথ্য ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ, চমু নাম ...
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ | |
---|---|
চমু নাম | NMC |
পূৰ্বসূৰী | ভাৰতীয় চিকিৎসা পৰিষদ |
প্ৰতিষ্ঠা | ২৫ ছেপ্টেম্বৰ ২০২০; 3 বছৰ আগত (25 September 2020) |
উদ্দেশ্য | চিকিৎসাসম্পৰ্কীয় বিষয়ৰ নিয়ন্ত্ৰক সংস্থা |
প্ৰধান কাৰ্যালয় | নতুন দিল্লী |
অধ্যক্ষ | ডাঃ সুৰেশ চন্দ্ৰ শৰ্মা |
মূল ক্ষমতা | আয়োগ |
ভুক্তি | স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় |
ৱেবছাইট | nmc.org.in |
বন্ধ কৰক