![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/2f/Flag_of_the_United_Nations.svg/langas-640px-Flag_of_the_United_Nations.svg.png&w=640&q=50)
ৰাষ্ট্ৰসংঘ দিৱস
From Wikipedia, the free encyclopedia
ৰাষ্ট্ৰসংঘ দিৱস (ইংৰাজী: United Nations Day) ৰাষ্ট্ৰসংঘ আনুষ্ঠানিকভাৱে গঠন হোৱা দিন অৰ্থাৎ ২৪ অক্টোবৰত পালন কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু প্ৰাপ্তিৰ বিষয়ে জনসমাজক অৱগত কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য। ৰাষ্ট্ৰসংঘয়ই ২০ ৰ পৰা ২৬ অক্টোবৰলৈ পালন কৰা ৰাষ্ট্ৰসংঘ সপ্তাহৰ ই অভিন্ন অংগ।
ক্ষিপ্ৰ তথ্য ৰাষ্ট্ৰসংঘ দিৱস, সম্পূৰ্ণ নাম ...
ৰাষ্ট্ৰসংঘ দিৱস | |
---|---|
![]() | |
সম্পূৰ্ণ নাম | ৰাষ্ট্ৰসংঘ দিৱস |
অন্য নাম | ইউ এন দে' |
পালন কৰে | বিশ্বজুৰি |
প্ৰকাৰ | ৰাষ্ট্ৰসংঘ |
তাৰিখ | ২৪ অক্টোবৰ |
উদযাপন | মিটিং, আলোচনা চক্ৰ, প্ৰদৰ্শনী, সাংস্কৃতিক কাৰ্যসূচী |
সম্পৰ্কিত | বিশ্ব তথ্য উন্নয়ন দিৱস |
অৱধি | এদিন |
সংঘটন | বাৰ্ষিক |
বন্ধ কৰক
১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২৪ অক্টোবৰক ৰাষ্ট্ৰসংঘ দিৱস বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছিল।[1] ১৯৭১ চনত সাধাৰণ সভাত এই দিৱস ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই পালন কৰিবলৈ এটি প্ৰস্তাৱ গৃহীত হয়।[2]