ৰাধানাথ ফুকন
From Wikipedia, the free encyclopedia
ৰাধানাথ ফুকন (ইংৰাজী: Radhanath Phukan) অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত, দাৰ্শনিক আৰু সাহিত্যিক। অসমৰ প্ৰথম স্নাতকোত্তৰ ডিগ্ৰীধাৰী[1] লোক হোৱাৰ ওপৰিও, অসমীয়া ভাষাত দৰ্শন বিষয়ৰ মৌলিক গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰত তেখেত আগৰণুৱা আছিল। তেখেতে ইংৰাজী আৰু হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল। ব্ৰিটিছৰ আমোলত ৰায়বাহাদুৰ খিতাপ লাভ কৰা ফুকন ডাঙৰীয়াই শিক্ষা আৰু কৰ্ম জীৱনত ব্যুৎপত্তিৰ পৰিচয় দিছিল। বিজ্ঞানৰ ছাত্ৰ হোৱা হেতুকে তেখেতৰ ৰচনাৱলীত ভাৰতীয় দৰ্শনৰ মূল তত্ত্ব বিলাকক আধুনিক বিজ্ঞানসন্মত দৃষ্টি ভংগীৰে বিশ্লেষণ কৰা দেখা পোৱা যায়।[2]
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
ক্ষিপ্ৰ তথ্য ৰাধানাথ ফুকন, জন্ম ...
ৰাধানাথ ফুকন | |
---|---|
জন্ম | ২০ চেপ্তেম্বৰ, ১৮৭৮ যোৰহাট, অসম |
মৃত্যু | ২৩ জুন, ১৯৬৪ |
পেচা | সংস্কৃত পণ্ডিত, দাৰ্শনিক , সাহিত্যিক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | স্নাতকোত্তৰ |
সময় | ১৮৪৯ ৰ পৰা ১৯৬৪ |
উল্লেখনীয় কৰ্মৰাজি | সাংখ্য দৰ্শন বেদান্ত দৰ্শণ The Theory of Rebirth |
দাম্পত্যসংগী | চন্দ্ৰপ্ৰভা দেৱী |
বন্ধ কৰক