ৰাণী ৰাসমণি
ভাৰতীয় জমিদাৰ আৰু পৰোপকাৰী (১৭৯৩-১৮৬১) / From Wikipedia, the free encyclopedia
ৰাণী ৰাসমণি (ইংৰাজী: Rani Rashmoni, ২৪ ছেপ্টেম্বৰ ১৭৯৩ - ১৯ ফেব্ৰুৱাৰী ১৮৬১) ব্ৰিটিছ ভাৰতৰ এগৰাকী জমিদাৰ আছিল। তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ কলকাতাৰ দক্ষিণেশ্বৰ কালী মন্দিৰৰ প্ৰতিষ্ঠাতা আছিল আৰু তেওঁ মন্দিৰৰ পুৰোহিত হিচাপে নিযুক্ত কৰাৰ পিছত শ্ৰী ৰামকৃষ্ণ পৰমহংস সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল। তেওঁৰ অন্যান্য নিৰ্মাণ কামবোৰৰ ভিতৰত আছে তীৰ্থযাত্ৰীসকলৰ বাবে সুবৰ্ণৰেখা নদীৰ পৰা পুৰীলৈ এখন পথ নিৰ্মাণ, বাবুঘাট (বাবু ৰাজচন্দ্ৰ দাস ঘাট বুলিও জনা যায়), গংগাত দৈনন্দিন স্নান কৰা সকলৰ বাবে আহিৰিটোলা ঘাট আৰু নিমতলা ঘাট। তেওঁ ইম্পেৰিয়েল লাইব্ৰেৰী (বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় লাইব্ৰেৰী), হিন্দু মহাবিদ্যালয় (বৰ্তমান প্ৰেচিডেন্সি বিশ্ববিদ্যালয়) যথেষ্ট দান আগবঢ়াইছিল।[1]
ৰাণী ৰাসমণি | |
---|---|
ৰাণী ৰাসমণিৰ মূৰ্তি, কাৰ্জন পাৰ্ক, কলকাতা | |
জন্ম | ২৮ ছেপ্টেম্বৰ ১৭৯৩ হালিচহৰ, জিলা ২৪ পৰগণা, ব্ৰিটিছ ভাৰত (এতিয়া উত্তৰ ২৪ পৰগণা জিলা, পশ্চিম বংগ, ভাৰত) |
মৃত্যু | ১৯ ফেব্ৰুৱাৰী ১৮৬১ কালীঘাটৰ ঘৰ (কলকাতা) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
বংশদ্ভূত | বঙালী |
জনা যায় | দক্ষিণেশ্বৰ কালীবাৰী নিৰ্মাণ, সমাজ সেৱা, সামাজিক আন্দোলন |
ধৰ্ম | হিন্দু |
বৰ্তমান লোকমাতা ৰাণী ৰাসমণি মিছন পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগণা জিলাৰ নিমপিথত অৱস্থিত।[2]