ৰাজহুৱা স্থানত স্তন্যপান
From Wikipedia, the free encyclopedia
ৰাজহুৱা স্থানত স্তন্যপান কৰোৱাৰ সামাজিক মনোভাৱ আৰু আইনী স্থিতি সমগ্ৰ বিশ্বৰ সংস্কৃতিত ব্যাপকভাৱে পৃথক হোৱা দেখা যায়। বহুতো দেশত, দক্ষিণ বিশ্ব আৰু কেইবাখনো পশ্চিমীয়া দেশত, সাধাৰণ ৰাইজৰ মুকলি দৃষ্টিত শিশুক স্তন্যপান কৰোৱাটো সাধাৰণ কথা আৰু ইয়াক এক সমস্যা হিচাপে গণ্য কৰা নহয়। অষ্ট্ৰেলিয়াকে ধৰি পৃথিৱীৰ বহুতো ঠাইত,[1] আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ কিছু অংশত, এছিয়াৰ কিছুমান দেশৰ সৈতে, মহিলাসকলৰ ৰাজহুৱা আৰু কৰ্মক্ষেত্ৰত কেঁচুৱাক নাৰ্চিং কৰাৰ স্পষ্ট আইনী অধিকাৰ আছে। যদিও এই প্ৰথা আইনী বা সামাজিকভাৱে স্বীকৃত, তথাপিও কিছুমান মাতৃয়ে আন লোকৰ প্ৰকৃত বা সম্ভাৱ্য আপত্তি, নেতিবাচক মন্তব্য বা উৎপীড়নৰ বাবে স্তন্যপান কৰোৱাৰ বাবে ৰাজহুৱাস্থানত স্তন উন্মোচন কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে।[2][3] আনুমানিক ভাৱে সমগ্ৰ বিশ্বৰ প্ৰায় ৬৩% মাতৃয়ে ৰাজহুৱাভাৱে স্তন্যপান কৰাইছে।[4] সংবাদ মাধ্যমসমূহে কেইবাটাও এনে ঘটনাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে য'ত কৰ্মী বা আন লোকে মহিলাসকলৰ মুকলিত স্তন্যপান কৰোৱাত আপত্তি প্ৰদৰ্শন বা নিষিদ্ধ কৰিছে।[5] কিছুমান মাতৃয়ে নেতিবাচক মনোযোগ পৰিহাৰ কৰি আবুৰতাৰ বাবে আন এটা স্থানলৈ গৈ স্তন্যপান কৰায়। কিন্তু কিছুমান মাতৃয়ে তেওঁলোকৰ মুকলিত স্তন্যপান কৰোৱাৰ ক্ষেত্ৰত পোৱা বাধাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰিছে বা প্ৰতিবাদত লিপ্ত হৈছে।[6] প্ৰতিবাদত অপৰাধীৰ ব্যৱসায়, সংগঠন আদি ৰাজহুৱাভাৱে বৰ্জন কৰা, "নাৰ্চ-ইন" বা স্তন্যপানৰ ফ্লেছ ম'ব আয়োজন কৰা আদি কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হয় য'ত নাৰ্চিং মাতৃৰ গোটবোৰ প্ৰতিবাদ স্থলীত একত্ৰিত হয় অৰ্থাৎ য'ত অভিযোগৰ উৎপত্তি হৈছিল আৰু সেইস্থানত একে সময়তে মুকলিকৈ তেওঁলোকৰ কেঁচুৱাবোৰক স্তন্যপান কৰাইছিল। ইয়াৰ প্ৰত্যুত্তৰত, কিছুমান কোম্পানীয়ে মাতৃসকলৰ ওচৰত ক্ষমা বিচাৰি তেওঁলোকৰ কৰ্মচাৰীসকলক পুনৰ প্ৰশিক্ষণ দিবলৈ সন্মত হৈছে।