![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f3/Gandhi_Memorial.jpg/640px-Gandhi_Memorial.jpg&w=640&q=50)
ৰাজঘাট সমাধি পৰিসৰ
From Wikipedia, the free encyclopedia
ৰাজঘাট ভাৰতৰ দিল্লীত অৱস্থিত জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰ। পূৰ্বতে ৰাজঘাট ঐতিহাসিক পুৰণি দিল্লী বা ছাহজাহানবাদত অৱস্থিত ঘাটৰ নাম আছিল এই ঘাট দৰিয়াগঞ্জৰ পূবত অৱস্থিত গড়েৰে পৰিবেষ্টিত নগৰৰ ৰাজঘাট গেট যমুনা নদীৰ পশ্চিম পাৰৰ ৰাজঘাটত মিলিছিল।[1][2] পিছলৈ মহাত্মা গান্ধীৰ স্মৃতিক্ষেত্ৰ খনৰ নামো ৰাজঘাট হয়। গান্ধীজীৰ মৃত্যুৰ এদিন পিছত অৰ্থাৎ ১৯৪৮ চনৰ ৩১ জানুৱাৰী তাৰিখে এই স্থানতে তেওঁৰ অন্তিম সৎকাৰ কৰা হৈছিল। এই স্থানত ক'লা মাৰ্বলৰ এক বেদীত তেওঁ অন্তিম সময়ত উচ্চাৰণ কৰা "হে ৰাম" দেৱনাগেৰী লিপিত খোদিত কৰা হৈছে। ইয়াৰ এফালে অখণ্ড জ্যোতি প্ৰজ্বলিত কৰি থোৱা হৈছে। এই স্থান দিল্লীৰ ৰিং ৰ'ড বা চৰকাৰী ভাবে মহাত্মা গান্ধী পথত অৱস্থিত। ইয়াৰ কাষেৰে স্মৃতিক্ষেত্ৰলৈ শিলেৰে নিৰ্মিত পদপথ আছে। ইয়াৰ লগতে মহাত্মা গান্ধী যাদুঘৰো ইয়াৰ কাষতে অৱস্থিত।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/f/f3/Gandhi_Memorial.jpg/640px-Gandhi_Memorial.jpg)