ৰবীন ৱিলিয়ামছ
From Wikipedia, the free encyclopedia
ৰবীন ৱিলিয়ামছ (ইংৰাজী: Robin Williams) এগৰাকী আমেৰিকান অভিনেতা, ষ্টেণ্ড-আপ কৌতুক অভিনেতা (Stand-up comedian), চলচ্চিত্ৰ প্ৰযোজক তথা চিত্ৰনাট্য লিখক (screenwriter)। টেলিভিছন চিৰিজ Mork & Mindy ত ১৯৭৮-১৯৮২ কালত মৰ্ক (Mork) ৰূপে অভিনয় কৰি তেওঁ খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। পৰৱৰ্ত্তীকালত তেওঁ চলচ্চিত্ৰ অভিনয়ৰ লগতে কৌতুক অভিনয়তো সমানে পাৰদৰ্শিতা দেখুৱাই প্ৰসিদ্ধি লাভ কৰে। তেওঁৰ দ্বাৰা অভিনীত প্ৰসিদ্ধ চলচ্চিত্ৰ সমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে-The World According to Garp (১৯৮২), Good Morning, Vietnam (১৯৮৭), Dead Poets Society (১৯৮৯), Awakenings (১৯৯০), The Fisher King (১৯৯১), Good Will Hunting (১৯৯৭), Popeye (১৯৮০), Hook (১৯৯১), Aladdin (১৯৯২), Mrs. Doubtfire (১৯৯৩) আৰু Jumanji (১৯৯৫) ইত্যাদি। তিনিবাৰকৈ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱাৰ পিছত ৰবীন ৱিলিয়ামছে তেওঁৰ Good Will Hunting ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰে। তদুপৰি তেওঁ দুটা প্ৰাইমটাইম এমি বঁটা (Primetime Emmy Award), চাৰিটা গ’ল্ডেন গ্ল’ব বঁটা (Golden Globe Award) আৰু পাঁচটা গ্ৰেমী বঁটা (Grammy Awards) লাভ কৰিছে।[3][4] ২০১৪ চনৰ ১১ আগষ্টত কেলিফৰ্ণিয়াৰ নিজা বাসভৱনত ৰবীন ৱিলিয়ামছক মৃত অৱস্থাত পোৱা যায়। চৰকাৰীসূত্ৰত মৃত্যুৰ সম্ভাব্য কাৰণ ‘asphyxiation’ বুলি উল্লেখ কৰা হৈছে।
ৰবীন ৱিলিয়ামছ | |
---|---|
২০১১ চনৰ Happy Feet Twoৰ প্ৰিমিয়াৰত ৰবীন ৱিলিয়ামছ | |
জন্ম | Robin McLaurin Williams ২১ জুলাই, ১৯৫১ Chicago, Illinois, United States of America |
মৃত্যু | ১১ আগষ্ট, ২০১৪ (৬৩ বছৰ) কেলিফৰ্ণিয়া, U.S. |
ৰাষ্ট্ৰীয়তা | American |
পেচা | অভিনেতা, stand-up comedian, film producer, screenwriter |
প্ৰভাৱ | Peter Sellers, Richard Pryor, Jonathan Winters, George Carlin, Chuck Jones, Spike Milligan |
প্ৰভাৱিত কৰিছে | Conan O'Brien, Frank Caliendo,[1] Dat Phan, Jo Koy, Gabriel Iglesias, Alexei Sayle, Eddie Murphy[2] |
দাম্পত্যসঙ্গী |
|
সন্তান |
|