ৰক্তচাপ
From Wikipedia, the free encyclopedia
ৰক্ত সঞ্চালনৰ সময়ত ৰক্তবাহী নলীকাৰ বেৰত সৃষ্টি হোৱা চাপকেই ৰক্তচাপ (ইংৰাজী: Blood Pressure) বোলা হয়। শিৰাবোৰে হৃদয়ৰ পৰা পাম্প কৰা বা ঠেলি পঠিওঁৱা তেজবোৰ টিছু আৰু আন অংগলৈ কঢ়িয়াই নিয়ে। হৃদয়ে শিৰাবোৰেৰে তেজ ঠেলি পঠিয়াওঁতে শিৰাবোৰে তেজ প্ৰবহন কৰাৰ প্ৰতিক্ৰিয়াৰ ফলতে ৰক্তচাপৰ সৃষ্টি হয়।
ৰক্তচাপ | |
---|---|
নিদান | |
A sphygmomanometer, a device used for measuring arterial pressure | |
MeSH | D001795 |
এজন ব্যক্তিৰ ৰক্তচাপ প্ৰকুঞ্চন/অনুশিথিলন (ছিষ্ট'লিক/ডায়াষ্ট'লিক) ৰক্তচাপৰ হিচাপত প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে, ১২০/৮০। ছিষ্ট'লিক ৰক্তচাপে (উচ্চতম সংখ্যা) হৃদয়ে তেজ পাম্প কৰি পঠিয়াওঁতে শিৰাৰ ওপৰত পৰা চাপ বুজায়। ডায়াষ্ট'লিক ৰক্তচাপে (নিম্নতম সংখ্যা) দুবাৰ পাম্প কৰাৰ মাজৰ সময়খিনিত শিৰাৰ ওপৰত থকা চাপৰ পৰিমাণ বুজায়। হৃদয়ে তেজ পাম্প কৰাৰ সময়ত ৰক্তচাপ সদায় বেছি থাকে।
এজন স্বাস্থ্যৱান লোকৰ ছিষ্ট'লিক ৰক্তচাপ ৯০ৰ পৰা ১২০ মিলিলিটাৰ পাৰাস্তম্ভৰ ভিতৰত থাকে (mm Hg)। স্বাভাৱিক ডায়াষ্ট'লিক ৰক্তচাপ ৬০ৰ পৰা ৮০ মিলিলিটাৰ পাৰাস্তম্ভৰ ভিতৰত থাকে। বৰ্তমান নিৰ্ণিত দিকদৰ্শণ মতে স্বাভাৱিক ৰক্তচাপ ১২০/৮০তকৈ কম থকা উচিত।