ব্ৰাজিলিয়ান ফুটবলাৰ From Wikipedia, the free encyclopedia
ৰ'নাল্ড' লুই নাজাৰিঅ' ডি লিমা (ইংৰাজী: Ronaldo Luís Nazário de Lima; জন্ম ১৮ ছেপ্টেম্বৰ ১৯৭৬[2]) বা চমুকৈ ৰ'নাল্ড' হৈছে এজন প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। "The phenomenon" বুলিও জনাজাত ৰ'নাল্ড'ক সমালোচক আৰু অনুৰাগীয়ে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ বুলি গণ্য কৰা হয়।[3][4] ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান তিনিবাৰকৈ লাভ কৰা মাত্ৰ তিনিজন খেলুৱৈৰ ভিতৰত তেৱোঁ এজন (আন দুজন জিনেদাইন জিদান আৰু লিয়'নেল মেছি)। তেওঁ প্ৰথমটো বেলন ডিঅ'ৰ বঁটা ১৯৯৭ চনত লাভ কৰাৰ পিছত পুনৰ ২০০২ চনত ইয়াৰ অধিকাৰী হয়।
২০১৩ চনত ৰ'নাল্ড' | |||
ব্যক্তিগত তথ্য | |||
---|---|---|---|
সম্পূৰ্ণ নাম | ৰ'নাল্ড' লুই নাজাৰিঅ' ডি লিমা Ronaldo Luís Nazário de Lima | ||
জন্ম | ১৮ ছেপ্টেম্বৰ, ১৯৭৬ (৪৭ বছৰ) | ||
জন্মস্থান | ৰিঅ' ডি জেনেইৰ', ব্ৰাজিল | ||
উচ্চতা | ১.৮২ মিটাৰ (U=ft}}) | ||
খেলা স্থান | ষ্ট্ৰাইকাৰ | ||
যুৱ কেৰিয়াৰ | |||
১৯৯০-১৯৯৩ | চাও ক্ৰিষ্ট'ভাঅ'[1] | ||
চিনিয়'ৰ কেৰিয়াৰ* | |||
বৰ্ষ | দল | অংশগ্ৰহণ† | (গ'ল)† |
১৯৯৩-১৯৯৪ | ক্ৰুজেইৰ' | ১৪ | (১২) |
১৯৯৪-১৯৯৬ | পি এছ ভি এইণ্ড'ভেন | ৪৬ | (৪২) |
১৯৯৬-১৯৯৭ | বাৰ্চিল'না | ৩৭ | (৩৪) |
১৯৯৭-২০০২ | ইণ্টাৰ মিলান | ৬৮ | (৪৯) |
২০০২-২০০৭ | ৰিয়েল মাড্ৰিড | ১২৭ | (৮৩) |
২০০৭-২০০৮ | এ চি মিলান | ২০ | (৯) |
২০০৯-২০১১ | ক'ৰিন্থিয়েন্স | ৩১ | (১৮) |
মুঠ | ৩৪৩ | (২৪৭) | |
ৰাষ্ট্ৰীয় দল | |||
১৯৯৩ | ব্ৰাজিল ১৭ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় দল | ৭ | (৫) |
১৯৯৬ | ব্ৰাজিল ২৩ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় দল | ৮ | (৬) |
১৯৯৪-২০১১ | ব্ৰাজিল | ৯৮ | (৬২) |
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে। |
তেওঁ বহু লোকে যোৱা ত্ৰিশ বছৰৰ সকলোতকৈ সম্পূৰ্ণ ষ্ট্ৰাইকাৰ বুলি গণ্য কৰে। ২০০৭ চনত ফ্ৰান্স ফুটবলে প্ৰকাশ কৰা সৰ্বকালৰ একাদশত তালিকাত তেওঁ স্থান লাভ কৰিছিল। পেলেই সংকলন কৰা মহানতম খেলুৱৈৰ তালিকা FIFA 100-তো ৰ'নাল্ড'ৱে স্থান পাইছিল। ২০১০ চনত Goal.com ৱেবছাইটে কৰা এটা অনলাইন সমীক্ষাত ৪৩.৬৩% ভোটেৰে তেওঁ "দশকটোৰ শ্ৰেষ্ঠ খেলুৱৈ"ৰ সন্মান লাভ কৰে[5] আৰু "দশকটোৰ দল"তো চেণ্টাৰ ফৰৱাৰ্ডৰূপে স্থান লাভ কৰে।[6] ২০১০ চনৰ ফেব্ৰুৱাৰীত ৰ'নাল্ড'ই ২০১১ চনৰ চিজনৰ পিছত অৱসৰ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে আৰু একে সময়তে তেওঁ কৰিন্থিয়েন্সৰ লগত দুবছৰীয়া চুক্তি এখনো স্বাক্ষৰ কৰে।[7]
ব্ৰাজিলৰ হৈ ৯৮খন খেলত ৬২টা গ'লেৰে ৰ'নাল্ড' ৰাষ্ট্ৰীয় দলৰ দ্বিতীয় সৰ্বোচ্চ গ'লস্ক'ৰাৰ। ১৯৯৪ চনত বিশ্বকাপ দখল কৰা ব্ৰাজিল দলত ১৭ বছৰীয়া ৰ'নাল্ড'ও আছিল। ১৯৯৮ চনৰ বিশ্বকাপত তেওঁ ব্ৰাজিলক ফাইনলেত উপনীত হোৱাত সহায় কৰে আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সোণালী বল লাভ কৰে। ২০০২ চনত তেওঁ দ্বিতীয়টো বিশ্বকাপ দখল কৰে আৰু সৰ্বোচ্চ গ'লস্ক'ৰাৰ হিচাপে সোণালী বুট বঁটা লাভ কৰে। ২০০৬ চনত বিশ্বকাপত ৰ'নাল্ড'ই তেওঁৰ ১৫ নং গ'লটোৰে গাৰ্ড মুলাৰৰ ১৪টা গ'লক অতিক্ৰমি বিশ্বকাপ ইতিহাসৰ সৰ্বোচ্চ গ'লস্ক'ৰাৰ হৈ পৰে।
খেলুৱৈ জীৱনত কেইবাবাৰো গুৰুতৰ আঘাত পোৱা ৰ'নাল্ড'ই ২০১১ চনৰ ১৪ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে। বিষ আৰু হাইপ'থাইৰ'ডিজমকে তেওঁ অৱসৰ গ্ৰহণৰ কাৰণ হিচাপে আঙুলিয়াই দিয়ে।[8] ২০১৩ জনৰ জানুৱাৰীত তেওঁক ২০১৪ চনত ব্ৰাজিলত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ বাবে বাছনি কৰা ছজন ৰাজ-দূতৰ মাজত অন্তৰ্ভুক্ত কৰা হয় (আনকেইজন আমাৰিল্ড', বেবেট', কাৰ্ল'ছ এলবাৰ্ট' ট'ৰেছ, মাৰ্টা আৰু মাৰিঅ' জাগাল')।[9]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.