ৰ'জি দ্য ৰিভিটাৰ
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এক সাংস্কৃতিক প্ৰতীক / From Wikipedia, the free encyclopedia
ৰ'জি দ্য ৰিভিটাৰ (ইংৰাজী: Rosie the Riveter) হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এক সাংস্কৃতিক প্ৰতীক, যি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কাৰখানা আৰু বন্দৰসমূহত কাম কৰা মহিলাসকলক প্ৰতিনিধিত্ব কৰিছিল, যিসকলৰ বহুতে যুদ্ধৰ সামগ্ৰী প্ৰস্তুত কৰিছিল।[1][2] এই মহিলাসকলকৰ বহুতেই যুদ্ধত যোগদান কৰা পুৰুষ শ্ৰমিকসকলৰ সলনি তেওঁলোকৰ ঠাইত চাকৰিসমূহ কৰিছিল। ৰ'জি দ্য ৰিভিটাৰক আমেৰিকান নাৰীবাদ আৰু মহিলাৰ অৰ্থনৈতিক বিকাশৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়।[3] ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াৰ দৰে আন দেশতো মহিলা যুদ্ধ কৰ্মীসকলক প্ৰতিনিধিত্ব কৰা একে ধৰণৰ ছবি দেখা গৈছিল। ৰ'জি দ্য ৰিভিটাৰৰ ধাৰণাটো ১৯৪২ চনত ৰেড ইভান্স আৰু জন জেকব লৱেলে লিখা এটা গানত উদ্ভৱ হৈছিল। চৰকাৰী পোষ্টাৰ আৰু বাণিজ্যিক বিজ্ঞাপন আদিত মহিলা শ্ৰমিকসকলৰ ছবি বহুলভাবে প্ৰচাৰ কৰা হৈছিল, আৰু কাৰখানাবোৰত যুদ্ধকালীন সেৱাৰ বাবে মহিলাসকলক স্বেচ্ছাসেৱক ৰূপে যোগ দিবলৈ উদগনি জনোৱাৰ বাবে চৰকাৰে এনে ছবিসমূহ ব্যৱহাৰ কৰিছিল।[4] ৰ'জি দ্য ৰিভিটাৰ ১৯৪৪ চনৰ হলিউডৰ চিনেমা এখনৰ বিষয় আৰু শিৰোনাম হৈ পৰিছিল।