২০২১ৰ অসম ভূমিকম্প
From Wikipedia, the free encyclopedia
২৮ এপ্ৰিল, ২০২১ তাৰিখে পুৱা ০৭:৫১ বজাত অসমৰ ঢেকিয়াজুলিৰ পৰা ১১ কিলোমিটাৰ (৭ মাইল) দূৰৈত উৎপত্তি হোৱা ৬.০ প্ৰাবল্যৰ এটা ভূমিকম্পই অসম আৰু অন্যান্য সমীপৱৰ্তী অঞ্চলক জোকাৰি যায়। [4] ভূমিকম্পটো মুখ্য চহৰ গুৱাহাটীৰ পৰা ১৪০ কিলোমিটাৰ (৮৬ মাইল) উত্তৰে ৩৪ কিলোমিটাৰ (২১ মাইল) গভীৰতাত উৎপত্তি হৈছিল। এই ভূঁইকপৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ১২জন লোক আঘাতপ্ৰাপ্ত হৈছিল।
ক্ষিপ্ৰ তথ্য তাৰিখ, প্ৰাৱল্য ...
তাৰিখ | ২০২১-০৪-২৮ |
---|---|
প্ৰাৱল্য | ৬.০ Mw[1] ৬.৪ [2] |
গভীৰতা | ৩৪ কিঃমিঃ (২১ মাইল) |
অভিকেন্দ্ৰ | 26.781°N 92.457°E / 26.781; 92.457 |
দেশ বা অঞ্চল(সমূহ) | বাংলাদেশ, চীন, ম্যানমাৰ, ভূটান, আৰু ভাৰত |
সৰ্বাধিক তীব্ৰতা | VII (অতি শক্তিশালী) |
Aftershocks | ছয়, পৰৱৰ্তী বৃহৎ কম্পনাংক ৪.৭ Mw [3] |
হতাহত | ২জন মৃত, ১২জন আঘাতপ্ৰাপ্ত |
বন্ধ কৰক