ভাৰতৰ সাধাৰণ নিৰ্বাচন,২০১৪ৰ যোগেদি দেশখনৰ ৫৪৩টা লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচন কৰি ষোড়শ লোকসভা গঠন কৰা হয়।[3] ৭ এপ্ৰিল, ২০১৪ৰ পৰা ২৪ মে', ২০১৪লৈ মুঠ নটা পৰ্যায়ত হোৱা দেশৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া নিৰ্বাচন।[4][5] ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ভাৰতৰ মুঠ ভোটাৰৰ সংখ্যা ৮১৪.৫ মিলিয়ন চুইছেগৈ আৰু ই সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ॥[6] বিগত ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনৰ তুলনাত এইটো নিৰ্বাচনত নতুন ভোটাৰৰ সংখ্যা ১০০ মিলিয়নলৈ বৃদ্ধি পাইছে।[7]
ক্ষিপ্ৰ তথ্য লোকসভাৰ ৫৪৩ টি আসনৰ মাজত সংখ্যাগৰিষ্ঠতাৰ বাবে ২৭২ খন আসনৰ প্ৰয়োজন, ভোটদানৰ হাৰ ...
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৪
|
২০০৯ ←
|
৭ এপ্ৰিল ২০১৪ - ১২ মে’, ২০১৪ তালিকা |
→ ২০১৯
|
|
|
লোকসভাৰ ৫৪৩ টি আসনৰ মাজত সংখ্যাগৰিষ্ঠতাৰ বাবে ২৭২ খন আসনৰ প্ৰয়োজন |
জনমত জৰীপ |
ভোটদানৰ হাৰ |
66.38% |
|
প্ৰথম দল |
দ্বিতীয় দল |
তৃতীয় দল |
|
|
|
|
নেতা |
নৰেন্দ্ৰ মোদী | ৰাহুল গান্ধী | জয়াললিতা |
দল |
বিজেপি |
কংগ্ৰেছ |
এ আই এ ডি এম কে |
মিত্ৰদল |
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা |
ইউ পি এ |
এ আই এ ডি এম কে |
নেতা হৈছে |
১০ জুন, ২০১৩ | ১৯ জানুৱাৰী, ২০১৩ | ১৯৮৯ |
নেতাৰ আসন |
বদোদৰা বাৰাণসী | আমেঠি | প্ৰতিদ্বন্দ্ব্বিতা কৰা নাছিল |
বিগত নিৰ্বাচন |
১১৬ এন ডি এ: ১৫৯ | ২০৬ ইউ পি এ: ২৬২ | ৯ |
বিজয়ী আসন |
২৮২[1][2] এন ডি এ: 336 | ৪৪[1] ইউ পি এ: ৫৮[2] | ৩৯[1] |
পৰিৱৰ্তিত আসন |
১৬৬ | ১৬২ | ২৮ |
জনপ্ৰিয় ভোট |
১৭১,৪৫৯,২৮৬ | ১০৬,৭৬০,০০১ | ১৮,১১৫,৮২৫ |
শতাংশ |
৩১.০%[1] এন ডি এ: ৩৯% | ১৯.৩%[1] UPA: ২১% | ৩.৩%[1] |
Swing |
১৩.৭৭% | ১৭.৮২% | ১.৬৩% |
|
|
ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দল সমূহৰ ফলাফল (মিত্ৰ জোঁট হিচাপত)
|
|
বন্ধ কৰক
মুঠ ভোটাৰৰ প্ৰায় ২.৭ শতাংশ (২৩.১ মিলিয়ন)ৰৰে বয়স ১৮-১৯ বছৰৰ ভিতৰত।[8] দেশৰ ৫৪৩টা লোকসভা সমষ্টিৰ পৰা মুঠ ৮,৫২১জন প্ৰাৰ্থীয়ে এই সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াইছিল।[9] নটা পৰ্যায়ত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত অভিলেখ সংখ্যক ৬৬.৩৮ শতাংশ ভোটাৰে ভোটাধিকাৰ সাবস্ত্য কৰিছিল।[9]
পঞ্চদশ লোকসভাৰ কাৰ্যকাল শেষ হোৱাৰ পোন্ধৰ দিন পূৰ্বে ২০১৪ চনৰ ১৬ এপ্ৰিল তাৰিখে সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। পঞ্চদশ লোকসভাৰ কাৰ্যকাল ২০১৪ চনৰ ৩১ মে'ত যৱনিকা পৰাৰ কথা আছিল।[10] দেশৰ ৯৮৯টা ভোট গণনা কেন্দ্ৰত ভোটৰ গণনা কৰা হৈছিল।[9] ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (ভাৰত)ই ৩৩৬খন আসনত বিজয় সাবস্ত্য কৰিছিল। ভাৰতীয় জনতা পাৰ্টিয়ে ২৮২টা আসন লাভ কৰি এককভাৱে চৰকাৰ গঠন কৰাৰ সুবিধা পাইছিল। ভাৰতৰ সাধাৰণ নিৰ্বাচনত ১৯৮৪ চনৰ পাছত এয়েই প্ৰথম ঘটনা।[11] ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত সংযুক্ত প্ৰগতিশীল পাৰ্টীয়ে মাত্ৰ ৫৮খন আসনহে লাভ কৰিবলৈ সক্ষম হয়।[2] ইয়াৰে ৪৪খন আসন ভাৰীয় জাতীয় কংগ্ৰছ দলৰ।[1][12]
এনেদৰেই বি জে পি আৰু ইয়াৰ মিত্ৰ দল সমূহে ১৯৮৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পাছত পোন প্ৰথমবাৰৰ বাবে largest majority government গঠন কৰাৰ সুযোগ লাভ কৰিছে।[13]