১৭ অক্টোবৰ (ইংৰাজী: 17 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯০তম (অধিবৰ্ষত ২৯১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৫টা দিন বাকী থাকে।
আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
- ১৮৩১ - ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডেই ডাইনামো আৱিষ্কাৰ কৰে।
- ১৯১৯ - ভাৰতত খিলাফৎ দিৱস উদযাপন কৰা হয়।
- ১৯২০ - ভাৰতবৰ্ষত কমিউনিষ্ট পাৰ্টী প্ৰতিষ্ঠা কৰা হয়।
- ১৯৩৭ - মুছলিম লীগৰ পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
- ১৯৪০ - মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ আৰম্ভ হয়।
- ১৯৭৯ - মাদাৰ টেৰেছালৈ শান্তিৰ নোবেল পুৰস্কাৰ আগবঢ়োৱা হয়।
- ২০০১ - দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক হান্সি ক্ৰ'নিয়েৰ খেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়।
- ২০০৩ - শ্ৰীহৰিকোটাৰ পৰা PSLV-5 ৰ উৎক্ষেপণ কৰা হয়।
- ১৮১৭ - ছাৰ চৈয়দ আহমেদ খাঁৰ জন্ম হয়। তেওঁ আলিগড়ত মহমেদান এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰে। এইখন কলেজেই পৰৱৰ্তী কালত আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়।
- ১৯০০ - ৰাধাগোবিন্দ বৰুৱা, অসমীয়া সিংহ পুৰুষ।
- ১৯৪১ - সৰিতা যোশী, ভাৰতীয় চলচ্চিত্ৰ, মঞ্চ আৰু টিভি অভিনেত্ৰী।
- ১৯৪৭ - বৃন্দা কাৰাট, ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ।
- ১৯৫২ - জাহ্নু বৰুৱা, অসমীয়া চলচ্চিত্ৰ পৰিচালক।
- ১৯৭০ - অনিল কুম্বলে, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৭৩ - ভগৱন্ত সিং মান, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৯২ - কীৰ্তি সুৰেশ, ভাৰতীয় অভিনেত্ৰী।
- ২০০১ - মনীষ নাৰৱাল, - ভাৰতীয় পেৰা পিষ্টল শ্বুটাৰ।
- ১৮৯০ - লালন, বাংলাদেশৰ দাৰ্শনিক, লেখক।
- ১৯০৬ - স্বামী ৰামতীৰ্থ, ভাৰতীয় আধ্যাত্মিক গুৰু।
- ১৯৮৯ - যুগল দাস, অসমীয়া শিল্পী।
- ২০১৯ - হেলা দাস, অসমৰ ভাস্কৰ্য-শিল্পী।
- ২০২২ - মাছুম আজিজ, বাংলাদেশৰ মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা।
- অসম ক্ৰীড়া দিৱস।
- ৰাষ্ট্ৰীয় আৰক্ষী দিৱস (থাইলেণ্ড)।