হোলোঙাপাৰ গিবন অভয়াৰণ্য
From Wikipedia, the free encyclopedia
হোলোঙাপাৰ গিবন অভয়াৰণ্য (পূৰ্বে Gibbon Wildlife Sanctuary বা হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল) হৈছে ভাৰতৰ অসমত অৱস্থিত চিৰসেউজ অৰণ্যৰ এক সংৰক্ষিত অঞ্চল। ১৯৯৭ চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়। ১৮৮১ চনত প্ৰতিষ্ঠিত এই বনাঞ্চলৰ সীমা পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল। পিছলৈ অৰণ্যখন সৰু সৰু গাঁও আৰু চাহ বাগানে আৱৰি ধৰে। ১৯শ শতিকাৰ প্ৰথম ভাগত অৰণ্যখনৰ বিকাশৰ বাবে বৃক্ষৰোপণ কৰা হৈছিল আৰু ফলত জৈৱ বৈচিত্ৰও বৃদ্ধি পায়। হোলোঙাপাৰ গিবন অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ আৰু উত্তৰ-পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায়। ইয়াত পোৱা ওখ গছৰ ভিতৰত "হোলোং" গছ (Dipterocarpus macrocarpus) অন্যতম, আৰু মধ্যমীয়া গছৰ ভিতৰত নাহৰ (Mesua ferrea) গছ বেছিকৈ পোৱা যায়। সৰু সৰু জোপোহা গছ আদিয়ে বাকী ঠাই আৱৰি আছে। চোৰাংকৈ গছ কটা, মানুহৰ বসতি স্থাপন আদিয়ে অৰণ্যখনলৈ বিপদ মাতি আনিছে।
হোলোঙাপাৰ গিবন অভয়াৰণ্য[1][2] Hoollongapar Gibbon Sanctuary | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল) | |
হলৌ বান্দৰ (Hoolock hoolock) | |
অৱস্থান | অসম, ভাৰত |
নিকটতম চহৰ | যোৰহাট নগৰ |
স্থানাংক | 26°43′00″N 94°23′00″E |
মাটিকালি | 2,098.62 হেক্টৰ (8.1028 বৰ্গ মাইল) |
প্ৰতিস্থা | ১৯৯৭ |