![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f9/Hellen_Keller_circa_1920.jpg/640px-Hellen_Keller_circa_1920.jpg&w=640&q=50)
হেলেন কেলাৰ
From Wikipedia, the free encyclopedia
হেলেন কেলাৰ (ইংৰাজী: Helen Keller) এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। ১৮৮০ চনৰ ২৭ জুন তাৰিখে তেওঁৰ আমেৰিকাৰ তুস্কোম্বিয়া,আলবামাত জন্ম হৈছিল। ১৮৮২ চনত হোৱা এক ব্যাধিৰ ফলত তেওঁ শ্ৰৱণ আৰু বাকশক্তি হেৰুৱাই পেলায়। কেলাৰৰ শিক্ষয়ত্ৰী আন্না ছালভিয়ানৰ তত্ত্বাৱধানত তেওঁ যথেষ্টখিনি আৰোগ্য লাভ কৰে আৰু আনৰ লগত ভাৱৰ আদান প্ৰদান কৰিবলৈ শিকে। পিছলৈ তেওঁ কলেজলৈও যায় আৰু ১৯০৪ চনত ৰেডক্লিফ কলেজৰ পৰা সন্মান সহকাৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেৱেই একমাত্ৰ বাক অৰু শ্ৰৱণ শক্তিবিহীন ব্যক্তি যিয়ে প্ৰথম কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
ক্ষিপ্ৰ তথ্য হেলেন কেলাৰ Helen Keller, জন্ম ...
হেলেন কেলাৰ Helen Keller | |
---|---|
![]() | |
জন্ম | হেলেন আদামছ কেলাৰ ২৭ জুন, ১৮৮০ তুস্কোম্বিয়া, আলাবামা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | জুন ১ , ১৯৬৮ (৮৭ বছৰ) আৰাকান ৰেইডজ, ইৰ্ষ্টান কনেটিকাত, আমেৰিকা যুক্তৰাষ্ট্ৰ |
পেচা | লিখক, ৰাজনৈতিক কৰ্মী, অধ্যাপক |
মাতৃশিক্ষায়তন | ৰেডক্লিফ কলেজ |
উল্লেখনীয় কৰ্মৰাজি | The Story of My Life |
স্বাক্ষৰ | ![]() |
বন্ধ কৰক