হেমা মালিনী
ভাৰতীয় অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিবিদ / From Wikipedia, the free encyclopedia
হেমা মালিনী (জন্ম ১৬ অক্টোবৰ ১৯৪৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিবিদ। ১৯৬২ চনত তামিল ছবি ইথু চাথিয়ামৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল। মুখ্য চৰিত্ৰত অভিনয় কৰা তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল চপনৌ কা চৌদাগৰ। তেওঁ ১৫০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ অভিনয় কালত তেওঁ ১১ বাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল আৰু ১৯৭৩ চনত সীতা ঔৰ গীতা চলচ্চিত্ৰখনৰ বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছিল।
ক্ষিপ্ৰ তথ্য হেমা মালিনী, পূৰ্বসূৰী ...
হেমা মালিনী | |
---|---|
লোকসভাৰ সাংসদ মথুৰা, উত্তৰ প্ৰদেশ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৬, মে' ২০১৪ | |
পূৰ্বসূৰী | জয়ন্ত চৌধাৰী |
ব্যক্তিগত তথ্য | |
জন্ম | ১৬ অক্টোবৰ, ১৯৪৮ (৭৫ বছৰ)[1] অম্মনকুড়ী, মাদ্ৰাজ, ভাৰত (বৰ্তমানৰ তামিলনাডু, ভাৰত) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | ধৰ্মেন্দ্ৰ (বি. ১৯৮০) |
সন্তান | ঈশা দেউল, আহানা দেউল |
পেচা |
|
পুৰস্কাৰ | পদ্মশ্ৰী (২০০০) |
বন্ধ কৰক