From Wikipedia, the free encyclopedia
হেপাটাইটিছ চি এক সংক্ৰামক ৰোগ। হেপাটাইটিছ চি ভাইৰাছ (HCV)ৰ ফলত হোৱা এই ৰোগে ঘাইকৈ যকৃতত প্ৰভাৱ পেলায়।[2] সংক্ৰমণৰ আৰম্ভণিতে সামান্য লক্ষণ থাকে বা নাথাকেই।[1] কেতিয়াবা জ্বৰ, ডাঠ ৰঙৰ প্ৰস্ৰাৱ, পেটৰ বিষ আৰু জণ্ডিছ হ'ব পাৰে।[1] সংক্ৰমণ হোৱা ৭৫%ৰ পৰা ৮৫% লোকৰ যকৃতত ভাইৰাছবিধ থাকি যায়][1] দীৰ্ঘম্যাদী ৰোগৰো আৰম্ভণিতে কোনো লক্ষণ নাথাকে।[1] বহুবছৰৰ পাছত প্ৰায়েই যকৃতৰ ৰোগ বিশেষকৈ চিৰ'চিছে দেখা দিয়ে।[1] কোনো কোনো ক্ষেত্ৰত চিৰ'চিছ থকা একাংশ ৰোগীৰ যকৃত অকামিলা হয়, যকৃতৰ কৰ্কট ৰোগ হয় বা খাদ্যনলী আৰু পাকস্থলীৰ ৰক্তক্ষৰণ হোৱা varices ৰোগ জটিলতা হয়।[2]
হেপাটাইটিছ চি (Hepatitis C) | |
---|---|
কোষ উৎপাদনত ইলেক্ট্ৰন মাইক্ৰ'গ্ৰাফেৰে হেপাটাইটিছ চি ভাইৰাছ (স্কে'ল = ৫০ নেন'মিটাৰ) | |
বিভাগ | সংক্ৰামক ৰোগ |
লক্ষণ | প্ৰায়েই নাথাকে[1] |
জটিলতা | যকৃত অকামিলা, যকৃতৰ কৰ্কট, খাদ্যনলী আৰু পাকস্থলীৰ ৰক্তক্ষৰণ[2] |
স্থায়িত্ব | দীৰ্ঘদিনীয়া (৮০%)[1] |
কাৰণ | হেপাটাইটিছ চি ভাইৰাছ সাধাৰণতে তেজৰ পৰা তেজলৈ বিয়পে[1][3] |
ৰোগ নিৰূপণ | প্ৰতিদেহৰ বাবে তেজৰ পৰীক্ষা বা ভাইৰেল আৰ এন এ[1] |
প্ৰতিৰোধ | বীজাণুমুক্ত বেজী, দান কৰা তেজৰ পৰীক্ষা[4] |
চিকিৎসা | ঔষধ, যকৃত প্ৰতিষ্ঠাপন[5] |
ঔষধ | Sofosbuvir, simeprevir[1][4] |
পুনৰাবৃত্তি | ১৪.৩ কোটি / ২% (২০১৫)[6] |
মৃত্যু | ৪,৯৬,০০০ (২০১৫)[7] |
HCV ঘাইকৈ তেঅৰ পৰা তেজলৈ বিয়পে। বেজীৰে ড্ৰাগ্ছ লোৱা, বীজাণুমুক্ত নোহোৱা চিকিৎসাৰ যন্ত্ৰ-পাতি, চিকিৎসা প্ৰদানত বেজীৰ খোঁচ খোৱা আৰু ৰক্ত সঞ্চাৰণ ইয়াৰ প্ৰধান কাৰণ।[1][3] ৰক্ত সঞ্চাৰণৰ আগতে তেজ পৰীক্ষা কৰিলে ৰোগৰ আশংকা প্ৰতি ২০ লাখত একতকৈও কম।[1] প্ৰসৱৰ সময়ত এই ৰোগ মাকৰ পৰা শিশুলৈও বিয়পিব পাৰে।[1] উপৰুৱা সংস্পৰ্শৰে এই ৰোগ নিবিয়পে।[4] ই পাঁচবিধ জ্ঞাত হেপাটাইটিছ ভাইৰাছৰ এবিধ: এ', বি, চি, ডি, আৰু ই।[8] তেজত ভাইৰাছবিধৰ প্ৰতিদেহ বা আৰ এন এ ধৰা পেলাই ৰোগনিৰ্ণয় কৰা হয়।[1] ৰোগৰ আশংকা থকা সকলো লোকৰে পৰীক্ষা কৰা উচিত।[1]
হেপাটাইটিছ চি-ৰ কোনো প্ৰতিষেধক নাই।[1][9] সিৰাত ড্ৰাগ্ছ লোৱা লোকৰ ক্ষতি কমাই আৰু দান কৰা তেজৰ পৰীক্ষাৰে ৰোগ প্ৰতিৰোধ কৰিব পাৰি।[4] sofosbuvir বা simeprevir নামৰ এণ্টিভাইৰেল ঔষধেৰে দীৰ্ঘম্যাদী ৰোগো ৯৫% ক্ষেত্ৰত আৰোগ্য কৰিব পাৰি।[1][4] আগতে ব্যৱহাৰ কৰা Peginterferon বা ribavirin ঔষধৰ চিকিৎসাৰে আৰোগ্যৰ হাৰ ৫০%তকৈও কম হোৱাৰ লগতে পাৰ্শ্বক্ৰিয়া বেছি আছিল।[4][10][11] কিন্তু নতুন চিকিৎসা প্ৰণালীৰ খৰচো বেছি।[4] চিৰ'চিছ বা যকৃতৰ কৰ্কট হ'লে যকৃতৰ প্ৰতিষ্ঠাপনৰ প্ৰয়োজন হ'ব পাৰে।[5] হেপাটাইটিছ চি যকৃতৰ প্ৰতিষ্ঠাপনৰ এক মূল কাৰণ, কিন্তু প্ৰতিষ্ঠাপনৰ পাছতো ভাইৰাছে আকৌ আক্ৰমণ কৰিব পাৰে।[5]
২০১৫ চনৰ তথ্য অনুসৰি বিশ্বজুৰি প্ৰায় ১৪.৩ কোটি (২%) লোক হেপাটাইটিছ চিত আক্ৰান্ত হয়।[6] ২০১৩ চনত প্ৰায় ১.১ কোটি নতুন ৰোগী ধৰা পৰে।[12] আফ্ৰিকা, মধ্য এছিয়া আৰু পূব এছিয়াত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি।[4] ২০১৫ চনত হেপাটাইটিছ চি-জনিত যকৃতৰ কৰ্কটৰ পৰা প্ৰায় ১,৬৭,০০ লোক আৰু চিৰ'চিছত ভুগি প্ৰায় ৩,২৬,০০০ লোকৰ মৃত্যু ঘটে।[7] ১৯৭০ চনত প্ৰথমবাৰৰ বাবে অ-হেপাটাইটিছ এ' আৰু অ-হেপাটাইটিছ বি ৰোগ দেখা পোৱা গৈছিল। ১৯৮৯ চনতহে এই ৰোগ হেপাটাইটিছ চি বুলি ধৰা পৰে।[13] হেপাটাইটিছ চি-য়ে কেৱল মানুহ আৰু চিম্পাঞ্জীক আক্ৰান্ত কৰে।[14]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.