গীতাৰ্থ বৰদলৈ ৰচিত গ্ৰন্থ From Wikipedia, the free encyclopedia
হে'লথ্ গাইড (ইংৰাজী: Health Guide) হৈছে এখন স্বাস্থ্য বিষয়ক অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক হৈছে চিকিৎসক গীতাৰ্থ বৰদলৈ। ২০১৮ চনৰ ডিচেম্বৰ মাহত সঞ্জীৱন প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখন লেখকৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ। লেখকে গ্ৰন্থখন "স্বাস্থ্যপথৰ প্ৰতিগৰাকী সহযাত্ৰীৰ হাতত" আগবঢ়াইছে। ২৬৬ পৃষ্ঠাৰ গ্ৰন্থখনৰ মূল্য ২২০ টকা।[1]
হে'লথ্ গাইড | |
---|---|
লেখক | গীতাৰ্থ বৰদলৈ |
প্ৰচ্ছদ শিল্পী | ৰিতুপৰ্ণ বৰা |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বিষয় | স্বাস্থ্য বিষয়ক |
প্ৰকাৰ | প্ৰবন্ধ সংকলন |
প্ৰকাশক | সঞ্জীৱন |
প্ৰকাশ | ডিচেম্বৰ, ২০১৮ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ২৬৬ |
আই.এচ.বি.এন. | 978-93-88456-00-5 |
হে'লথ্ গাইড হৈছে স্বাস্থ্যৰ যতন সম্পৰ্কে সাধাৰণ পঢ়ুৱৈৰ বাবে দিহা-পৰামৰ্শ সম্বলিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ পাতনিত লেখকে লিখিছে, "হে'লথ্ গাইড চিকিৎসক, বিশেষজ্ঞৰ বাবে নহয়, সাধাৰণ ৰাইজৰ বাবেহে।" তেওঁ আৰু লিখিছে, "স্বাস্থ্যৰ যতন ল'লে কি হয়, জীৱনশৈলীৰ গুৰুত্ব, বি এম আই আৰু কঁকালৰ জোখ কিয় জানিব লাগে, টোপনি নোযোৱাৰ পৰা গভীৰ টোপনিত নাক বজোৱালৈকে, কেল'ৰিৰ হিচাপৰ পৰা শীতল পানীয়লৈকে, ঘৰুৱা ডাক্তৰীৰ পৰা যোগাসনলৈকে, জ্বৰৰ পৰা মধুমেহ ৰোগলৈকে, মোচোকা খোৱাৰ পৰা কুকুৰে কামোৰালৈকে আদি বিষয় যিমান পাৰোঁ সহজকৈ সুমুৱাবলৈ চেষ্টা কৰিছোঁ।" এই গ্ৰন্থত মুঠতে ৩৪ টা অধ্যায়ত স্বাস্থ্য বিষয়ক আলোচনা কৰিছে। সেইসমূহ হ'ল[1] -
লগতে শেষৰ ফালে পঢ়ুৱৈৰ সুবিধাৰ্থে সংকলনত ব্যৱহৃত চিকিৎসাবিজ্ঞান সম্পৰ্কীয় শব্দসমূহৰ ব্যাখ্যা সন্নিৱিষ্ট কৰি শব্দাৰ্থ আৰু টোকা শীৰ্ষক অধ্যায় এটা সংযোগ কৰা আছে।
যোৰহাটৰ বাসিন্দা ডাঃ গীতাৰ্থ বৰদলৈয়ে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ আৰু এম ডি ডিগ্ৰী লাভ কৰিছে। তেওঁ শ্বিলঙৰ নেৰিমছ্ চিকিৎসা মহাবিদ্যালয়ৰ শৰীৰতত্ত্ব বিভাগত কাম কৰিছে।[1] চিকিৎসক হোৱাৰ লগতে তেওঁ এজন ৱিকিমিডিয়ান। [2]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.