হিমস্খলন
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
হিমস্খলন (ইংৰাজী: Avalanche) হৈছে কোনো হেলনীয়া পৃষ্ঠত হোৱা বৰফৰ এক বৃহৎ সোঁত। সাধাৰণতে কোনো উচ্চ উচ্চতাত থকা বৰফৰ স্তুপৰ অস্থিৰতাৰ ফলত এনে স্খলনৰ আৰম্ভ হয়। স্খলন আৰম্ভ হোৱাৰ পিছত বৰফৰ তৰপটোৰ বেগ ক্ৰমান্নয়ে বৃদ্ধি পাই আৰু সোঁতত অধিক বৰফ খহাই নিয়ে।
হিমপুঞ্জত অস্থিৰতা সৃষ্টি হোৱাৰ বহু কাৰণ থাকে। স্তুপত জমাহোৱা বৰফৰ মাত্ৰা অত্যধিক হোৱাৰ ফলত হেলনীয়া তলত ই স্থিৰ হৈ থাকিব নোৱাৰা হয়। এনে অৱস্থাত বৰষুণ বা হিমপাত হোৱাৰ ফলত হিমস্খলনৰ আৰম্ভ হয়। কেতিয়াবা এনে অস্থিৰ বৰফৰ তৰপৰ ওপৰেদি স্কী কৰা লোক, বৰফত চলা গাড়ী বা জন্তু পাৰ হৈ গ'লে, বোমা বিস্ফোৰণ আৰু ভূমিকম্পৰ ফলটো হিমস্খলন হ'ব পাৰে।[1] কোনো লোকে বিশ্বাস কৰে যে মানুহৰ চিঞৰৰ ফলতো হিমস্খলন হ'ব পাৰে, কিন্তু বিজ্ঞানীসকলে এই কথা অস্বীকাৰ কৰে, কিয়নো মানুহৰ চিঞৰৰ প্ৰাৱল্য হিমস্খলন হ'ব পৰাকৈ তীব্ৰ নহয়।[2]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.