![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/84/A_little_cuckoo_across_a_hydrangea%2528Haiga%2529_by_Yosa_Buson.jpg/640px-A_little_cuckoo_across_a_hydrangea%2528Haiga%2529_by_Yosa_Buson.jpg&w=640&q=50)
হাইকু
From Wikipedia, the free encyclopedia
হাইকু (俳句 haikai verse?) এবিধ অতি চুটি কবিতা। জাপানত এই কবিতাৰ প্ৰথমে প্ৰচলন হৈছিল। হাইকু কবিতাৰ তিনিটা প্ৰধান বৈশিষ্ট্য হৈছে:
- হাইকুৰ এটা বৈশিষ্ট্য হৈছে, 'কিৰু' (আক্ষৰিক অৰ্থঃ কটা) (kiru)[1]। দুটা ভিন্ন চিত্ৰকল্প বা ধাৰণাৰ মিশ্ৰণ[2] , যাক সাঙোৰা হয় এটা শব্দৰ দ্বাৰা। এই শব্দক 'কিৰেজি' (kireji) বোলা হয়। 'কিৰেজি'য়ে চিত্ৰকল্প বা ধাৰণা দুটাক লগ কৰাৰ উপৰিও নিৰ্ণয় কৰে সেই উপাদান কেইটা কি অৰ্থত সাঙোৰা হৈছে[3]।
- হাইকুৰ পৰম্পৰাগত ৰূপত সোতৰটা 'মাত্ৰা'[4][5] থাকে। জাপানী ভাষাত 'অন' (ধ্বনি) আৰু 'জি' (বৰ্ণ) লগ লাগি এটা 'উচ্চাৰিত বৰ্ণ' (phonetic character) গঠিত হয়। ইংৰাজী অনুবাদত ইয়াক আখৰ (letter) বুলি কোৱা হৈছে[6], মূলত: এই ৰূপটো সংস্কৃতৰ 'মাত্ৰা'ৰ সমস্থানীয়। এই সোতৰটা 'মাত্ৰা' তিনিটা শাৰীত ৫, ৭, ৫-টাকৈ ভগোৱা থাকে। যিকোনো এটা শাৰীৰে শেষত 'কিৰেজি' এটা থাকিব পাৰে[7]।
- হাইকুত এটা ঋতুবাচক শব্দ থাকে। ইয়াক 'কিগো' (kigo) বোলা হয়। এই 'কিগো' সাধাৰণতে ঋতুবাচক শব্দৰ এখন বৃহৎ তালিকাৰ পৰা লোৱা হয়। তালিকাখনক 'ছাইজিকি' (saijiki) বোলা হয়। 'কিগো' শব্দটো প্ৰকৃতিৰ মাজৰ পৰা লোৱা হয়। সেইবাবেই হাইকু সমূহক মূলত: প্ৰকৃতিৰ কবিতা বুলি কোৱা হয়।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/8/84/A_little_cuckoo_across_a_hydrangea%28Haiga%29_by_Yosa_Buson.jpg/640px-A_little_cuckoo_across_a_hydrangea%28Haiga%29_by_Yosa_Buson.jpg)
আধুনিক জাপানী হাইকু সমূহত ১৭ মাত্ৰাৰ নিয়মটো সদায়ে মানি চলা নহয়। প্ৰকৃতিৰ উল্লেখো সদায়ে নহয়। কিন্তু দুটা ভিন্ন চিত্ৰকল্পৰ উপস্থাপনৰ ৰীতি এতিয়াও মানি চলা হয়। অতি সম্প্ৰতি চিত্ৰকল্পবিলাক সাধাৰণতে দেখি থকা ঘটনা বা দৃশ্য হ'ব লাগে বুলি কোৱা হৈছে।[8]
জাপানত হাইকু সমূহক ওপৰৰপৰা তললৈ লিখা হয়। ইংৰাজী বা অন্য ভাষাত ইয়াক তিনিটা শাৰী হিচাপে লিখা হয়।[9]
হাইকুক আগতে হক্কু (hokku) বুলি কোৱা হৈছিল। হাইকু নামকৰণ প্ৰথমে কৰিছিল উনবিংশ শতাব্দীত মাশ্বাওকা শ্বিকিয়ে।