হাংগৰ
From Wikipedia, the free encyclopedia
হাংগৰ বা শ্বাৰ্ক (ইংৰাজী: Shark) হৈছে মাছৰ এটা গোট। ইহঁতৰ এটা কাৰ্টিলেজৰ দ্বাৰা গঠিত কংকাল, মূৰৰ কাযত পাঁচৰ পৰা সাতটা পৰ্যন্ত ফুল প্ৰণালী থাকে, আৰু বিভক্তিত ফিছা থাকে। হাংগৰবোৰ অতি ভয়ানক আৰু সেইবাবে সিহঁতক দানৱ আখ্যাও দিয়া হয়৷ হাংগৰ থাকে সাগৰ-মহাসাগৰত৷ সাগৰত ২৫০ বিধমান হাংগৰ পোৱা যায়৷ সিঁহতৰ আকাৰ আৰু ৰং বেলেগ বেলেগ৷ আটাইতকৈ ডাঙৰ আকাৰৰ হাংগৰবোৰ ১৬ মিটাৰমান ডাঙৰ আৰু ১২০০ কিল'গ্ৰাম মানলৈকে ওজন হয়৷ আটাইতকৈ সৰু হাংগৰবিধ মাত্ৰ ৩০ চেণ্টিমিটাৰ দীঘল৷[1] আধুনিক হাংগৰবোৰ Selachimorpha (বা Selachii) গোত্ৰৰ অন্তৰ্গত raysবোৰৰ এটা ভগ্নী গোট। যিকিনহওক "হাংগৰ" বুলিলে Selachimorphaৰ বাহিৰেও উপ-শ্ৰেণী Elasmobranchiiৰ কিছুমান সদস্য, যেনে Cladoselache আৰু Xenacanthusৰ, লগতে Chondrichthyesৰ অন্তৰ্গত holocephalid eugenedontidansবোৰকো বুজায়। এই ব্যাপক অৰ্থ মতে, প্ৰায় ৪২০ নিযুত বছৰ আগতেই হাংগৰ প্ৰথম অৱস্থিতি ধাৰণা কৰা হয়।[2] Acanthodiansবোৰক প্ৰায়েই "spiny sharks" বুলি কোৱা হয়; যগিও ইহঁক প্ৰকৃততে Chondrichthyes নহয়।
হাংগৰ জীৱাশ্ম কাল: ছিলুৰিয়ান–শেহতীয়া প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
| |
---|---|
এটা হাংগৰৰ (Carcharhinus amblyrhynchos) ছবি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Chondrichthyes |
উপশ্ৰেণী: | Elasmobranchii |
মহাবৰ্গ: | Selachimorpha |
বৰ্গসমূহ | |
Carcharhiniformes † = বিলুপ্ত |