![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/15/Ruou_thuoc_1.jpg/640px-Ruou_thuoc_1.jpg&w=640&q=50)
সৰ্প সুৰা
From Wikipedia, the free encyclopedia
সৰ্প সুৰা বা শ্বে জ্যউ (ইংৰাজী: Snake wine) এবিধ নিচাযুক্ত পানীয়। এই পানীয়বিধ একোটা সাপ চাউলৰ পৰা প্ৰস্তুত কৰা সুৰাৰ সৈতে নিষিক্ত কৰি প্ৰস্তুত কৰা হয়। এই সুৰাবিধ পশ্চিম ঝও ৰাজ্যৰ সময়ছোৱাত (খ্ৰীষ্টপূৰ্ব ১০৪০-৭৭০) চীনত সেৱন কৰা গৈছিল বুলি প্ৰাৰম্ভিক নথিসমূহত পোৱা গৈছে। পৰম্পৰাগত চীনা ঔষধিবিদ্যাৰ মতে এই পানীয়বিধত নিৰাময়কাৰী আৰু যৌন শক্তিবৰ্ধক গুণ আছে বুলি গণ্য কৰা হৈছিল।[2] এনেধৰণৰ পানীয় চীন, ভিয়েটনাম, জাপানৰ অ'কিনাৱা, লাওছ, থাইলেণ্ড, কম্বোডিয়া, ভাৰতৰ গোৱা আৰু সমগ্ৰ দক্ষিণ-পূব এচিয়াত পোৱা যায়।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/c/c5/Snakewine.jpg/640px-Snakewine.jpg)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/1/15/Ruou_thuoc_1.jpg/640px-Ruou_thuoc_1.jpg)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/a/a7/Scorpion_wine.jpg/640px-Scorpion_wine.jpg)
বিষাক্ত সাপসমূহ এইবিলাকৰ বিষ পানীয়ত দ্ৰৱীভূত হ'বৰ বাবে সংৰক্ষিত কৰা হৈছিল। সাপৰ বিষত থকা প্ৰোটিনসমূহ ইথানলত খণ্ডিত হৈ পৰে আৰু সেয়ে সদায়েই নহ'লেও সাধাৰণতে প্ৰস্তুতি সম্পূৰ্ণ হোৱা পানীয় সেৱন বিপদমুক্ত হয়।[3] টাইৱানৰ টাইপেইত অৱস্থিত হুৱাজি নাইট মাৰ্কেট সৰ্প আধাৰিত খাদ্য আৰু সুৰাৰ বাবে জনাজাত।