সৰুআই
From Wikipedia, the free encyclopedia
সৰুআই (ইংৰাজী: measles; morbilli, rubeola, বা red measles বুলিও জনা যায়।) হৈছে মিজ'লচ্ ভাইৰাছৰ দ্বাৰা হোৱা এক প্ৰকাৰৰ সংক্ৰামক ৰোগ।[1][2] এই ৰোগৰ প্ৰাথমিক লক্ষণ হৈছে জ্বৰ, প্ৰায়ে 40 °C (104 °F)ত কৈও অধিক, কাহ, নাকৰ পানী ওলোৱা, আৰু চকু ৰঙা পৰা।[1][3] লক্ষনে দেখা দিয়াৰ দুই তিনি দিনৰ পাছত, সৰু সৰু বগা গুটি ওলায়, Koplik's spots বোলা হয়। প্ৰায় তিনিৰ পৰা পাঁচ দিনৰ পাছত মুখত ৰঙা, ফোহা ওলায় আৰু লাহে লাহে সমগ্ৰ দেহলৈ বিয়পি পৰে।[3] ৰোগ সংক্ৰমণ হোৱাৰ ১০–১২ দিনৰ পাছৰ পৰা লক্ষণে দেখা দিয়ে আৰু প্ৰায় ৭–১০ দিন পৰ্যন্ত থাকে।[4][5] প্ৰায় ৩০% ৰোগীৰ অন্য সমস্যাকে ধৰি ডায়েৰিয়া, অন্ধত্ব, মগজুৰ জ্বলন, আৰু নিউমনিয়া আদি হব পাৰে।[4][6] ৰুবেলা (জাৰ্মান বসন্ত) আৰু ৰ'ছিঅলা দুটা ভিন্ন ৰোগ।[7]
সৰুআই | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
সৰুআই ওলোৱা এটি শিশু, চতুৰ্থ দিনত। | |
আই.চি.ডি.-10 | B05 |
আই.চি.ডি.-9 | 055 |
ডিজিজেছ ডে'টাবে'ছ | 7890 |
মেডলাইন প্লাছ | 001569 |
ইমেডিচিন | derm/259 emerg/389 ped/1388 |
MeSH | D008457 |
সৰুআই এবিধ বায়ু সংক্ৰামিত ৰোগ, ই হাঁচি আৰু কাহৰ দ্বাৰা সহজতে বিয়পে। ই লেলাউতি আৰু হেঙেনুৰ দ্বাৰাও বিয়পে।[4] এই ৰোগৰ প্ৰতিৰক্ষা গঢ়ি নোতোলা দহৰ ভিতৰত ন জনেই আক্ৰান্ত হোৱা দেখা যায়। ফোহা ওলোৱা চাৰিদিন আগৰ পৰা চাৰি দিন পিছলৈকে ৰোগীজনৰ পৰা ৰোগ বিয়পাৰ সম্ভাৱনা থাকে।[6] বেছিভাগ ক্ষেত্ৰতে এই ৰোগ যিকোনো ব্যক্তিৰ এবাৰহে হয়।[4] সন্দেহজনক পৰিস্থিতিত এই ৰোগৰ ভাইৰাছৰ পৰীক্ষা কৰা জনস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়।[6]
ভেকচিন ব্যৱহাৰ কৰি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি। সমগ্ৰ বিশ্বতে প্ৰায় ৮৫% শিশুক টিকাকৰণৰ দ্বাৰা বৰ্তমান ২০০০ আৰু ২০১৩ চনৰ ভিতৰত মৃত্যুৰ হাৰ ৭৫% কমিছে। এই ৰোগৰ কোনো বিশেষ চিকিৎসা নাই। ৰোগীক যথেষ্ট পৰিচৰ্ছাৰ প্ৰয়োজন।[4] অ আৰ এছ (অলপ মিঠা-নিমখীয়া তৰল), স্বাস্থকৰ আহাৰ, আৰু জ্বৰ নিয়ন্ত্ৰণৰ বাবে দৰৱ আদি প্ৰযোজনীয়।[4][5] নিউমনিয়াই দেখা দিলে গৌণ উপাচাৰ হিচাপে এণ্টিবায়টিক ব্যৱহাৰ কৰা হয়। অতিৰিক্ত পুষ্টিকাৰক হিচাপে Vitamin Aৰ যোগান ধৰিব পাৰি।[4]
আফ্ৰিকা আৰু এছিয়াৰ উন্নয়নশীল অঞ্চলত[4] প্ৰতি বছৰে প্ৰায় ২০ নিযুত লোক সৰুআইত আক্ৰান্ত হয়।[1]টিকাকৰণৰ দ্বাৰা ৰোধ কৰিব পৰা মৃত্যুৰ ই এটা প্ৰাধান কাৰণ।[8] ১৯৯০ চনত এই ৰোগত ৫,৪৫,০০০ লোকৰ মৃত্যু হৈছিল, ২০১৩ চনত ই ৯৬,০০০লৈ হ্ৰাস পায়।[9] ১৯৮০ চনত, এই ৰোগে বছৰি ২.৬ নিযুত লোকৰ প্ৰাণ হানি কৰে বুলি অনুমান কৰা হৈছিল।[4] যুক্ত ৰাষ্ট্ৰত টিকাৰকণৰ পাছত বছৰি তিনিৰ পৰা চাৰি নিযুত লোকৰ মৃত্যু ঘটিছিল।[6] ইয়াৰে অধিকাংশ আক্ৰান্ত তথা মৃত্যু হোৱা ৰোগীৰ বয়স ৫ বছৰতকৈ কম আছিল।[4] এই ৰোগৰ মৃত্যুৰ হাৰ সাধাৰণতে ০.২%,[6] কিন্তু অপুষ্টিত ভোগা ৰোগীৰ মৃত্যু হাৰ হৈছে ১০%।[4] এই ৰোগত অন্য প্ৰাণী আক্ৰান্ত নহয়।[4]