সৰস্বতী পূজা
জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ হয় / From Wikipedia, the free encyclopedia
সৰস্বতী পূজা জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ। প্ৰতি বছৰে মাঘমাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা পতা হয়। সেইবাবে ইয়াক শ্ৰীপঞ্চমী পূজা বুলিও কয়। এই পূজা বিশেষকৈ শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰা হয়।
এই উৎসৱ বিষয়ক চমু প্ৰবন্ধটোক বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
সৰস্বতী পূজা | |
---|---|
অন্য নাম | শ্ৰীপঞ্চমী, বসন্ত পঞ্চমী |
পালন কৰে | হিন্দু সম্প্ৰদায় |
প্ৰকাৰ | সৰস্বতীৰ আৰাধনা |
আৰম্ভ হয় | মাঘ মাহৰ শুক্লা পঞ্চমী |
তাৰিখ | জানুৱাৰী/ফেব্ৰুৱাৰী |
আচাৰ | পূজা, সাংস্কৃতিক অনুষ্ঠান |
দিনটীয়াকৈ পতা এই উৎসৱৰ আগবেলা পূজা অথবা নাম প্ৰসঙ্গই প্ৰাধান্য লাভ কৰে। ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰকৈ সাজপাৰ পিন্ধি তাত অংশগ্ৰহণ কৰে। পুষ্পাঞ্জলি নিদিয়ালৈকে সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকল উপবাসে থাকে। পূজা অথবা নাম প্ৰসঙ্গ শেষ হোৱাৰ পাছত মাহ-প্ৰসাদ বিলোৱা হয়। তাৰপাছতে অতিথিসকলক চাহ, লুচি আদিৰে আপ্যায়ন কৰা হয়। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে একেলগে প্ৰীতিভোজন কৰে। ৰাতিলৈ ছাত্ৰ-ছাত্ৰীসকলে নাটক, ভাওনা, বিচিত্ৰানুষ্ঠান, সঙ্গীতানুষ্ঠান আদিৰ ব্যৱস্থা কৰে। ইয়াৰ যোগেদি তেওঁলোকৰ সুকুমাৰ কলা বিকাশৰ সুবিধা হয়। পাছদিনা দেৱী বিসৰ্জনৰ দিন। দেৱীক ধূপধূনাৰে পূজা কৰি তেওঁৰ মূৰ্তি লৈ শোভাযাত্ৰা কৰে আৰু দেৱীৰ নামত বিভিন্ন ধ্বনি, গীত মাতেৰে তেওঁক কোনো জলাশয়ত বিসৰ্জন দি পূজাৰ সামৰণি মাৰে।[1]