স্বৰ্গৰ পুত্ৰ
From Wikipedia, the free encyclopedia
স্বৰ্গৰ পুত্ৰ বা টিয়ানজি আছিল চীনা সাৰ্বভৌমৰ পবিত্ৰ ৰাজতন্ত্ৰ আৰু সাম্ৰাজ্যবাদী এক উপাধি। ইয়াৰ উৎপত্তি ঝৌ ৰাজবংশৰ পৰা হৈছিল[1] আৰু ই এক ৰাজনৈতিক আৰু আধ্যাত্মিক মতবাদ ''স্বৰ্গৰ আদেশ''ৰ ওপৰত প্ৰতিষ্ঠিত আছিল। কিন ৰাজবংশৰ পৰাই স্বৰ্গৰ পুত্ৰৰ ধৰ্মনিৰপেক্ষ সাম্ৰাজ্যবাদী উপাধি আছিল "হুয়াংডি।"
পৰৱৰ্তী সময়ত অন্যান্য চীন-মণ্ডলীয় ৰজাসকলেও নিজৰ শাসনক ন্যায্যতা প্ৰদান কৰিবলৈ "স্বৰ্গৰ পুত্ৰ" উপাধি গ্ৰহণ কৰে। চীনা সম্ৰাটসকলক চাইনোস্ফিয়াৰ বা চীন মণ্ডলত স্বৰ্গৰ পুত্ৰ হিচাপে থকা তেওঁলোকৰ মৰ্যাদাৰ সৈতে সংগতি ৰাখি সাম্ৰাজ্য একোখনক বুজাবলৈ মহাকাশীয় সাম্ৰাজ্য (বা "হেভেনলি ডাইনেষ্টী") শব্দাংশ ব্যৱহাৰ কৰা হৈছিল।
স্বৰ্গৰ পুত্ৰ আছিল সৰ্বোচ্চ বিশ্বজনীন ৰজা, যিয়ে টিয়ানচিয়া (অৰ্থাৎ "স্বৰ্গৰ তলতথকা সকলো") শাসন কৰিছিল। তেওঁৰ এই মৰ্যাদকা ইংৰাজীত "সমগ্ৰ পৃথিৱীৰ শাসক" বুলি অনুবাদ কৰা হৈছে।[2] "স্বৰ্গৰ পুত্ৰ" উপাধিটোৰ আক্ষৰিক অৰ্থ কেৱল চীন আৰু জাপানতহে ব্যাখ্যা কৰা হৈছিল। ইয়াৰ ৰজাসকলক স্বৰ্গৰ দেৱতা আৰু দেৱীসকলে নিৰ্বাচিত কৰি লোৱা অৰ্ধদেৱতা, দেৱতা বা "জীৱন্ত দেৱতা" বুলি আখ্যা দিয়া হৈছিল।[3]