স্তন্যপান
মানৱ শিশুক মাতৃদুগ্ধ খুৱাই দিয়াৰ এক প্ৰক্ৰিয়া / From Wikipedia, the free encyclopedia
স্তন্যপান (ইংৰাজী: Breastfeeding) বা নাৰ্চিং (ইংৰাজী: Nursing) হৈছে মানৱ শিশুক মাতৃদুগ্ধ খুৱাই দিয়াৰ এক প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত শিশুক পোনপটীয়াকৈ স্তনৰ পৰা বা স্তনৰ পৰা গাখীৰ উলিয়াই ইয়াক দুধদানিৰ সহায়ত খুৱাই।[1] বিশ্ব স্বাস্থ্য সংস্থাই দিয়া পৰামৰ্শ অনুসৰি কেঁচুৱা এটাৰ জীৱনৰ প্ৰথম ঘণ্টাৰ ভিতৰত স্তন্যপান আৰম্ভ হ'ব লগে আৰু কেঁচুৱাটোৱে যিমান সঘনাই আৰু যিমান বিচাৰে সিমান পৰিমাণে এই পান কাৰ্য্য অব্যাহত ৰাখিব লাগে।[2][3] জীৱনৰ প্ৰথম কেইসপ্তাহমানত কেঁচুৱাক প্ৰতিদিনে প্ৰায় প্ৰতি দুইৰ পৰা তিনি ঘণ্টা স্তন্যপান কৰিব লাগে, আৰু প্ৰতিটো স্তন্যপান কৰাৰ ম্যাদ দহৰ পৰা পোন্ধৰ মিনিট হ'ব লাগে।[4] ডাঙৰ শিশুৰ ক্ষেত্ৰত এই হাৰ কম।[5] মাতৃসকলে গাখীৰ পাম্প কৰি উলিয়াব পাৰে যাতে স্তন্যপান সম্ভৱ নহ'লে ইয়াক পিছত ব্যৱহাৰ কৰিব পাৰি।[1] স্তন্যপান কৰোৱাৰ মাতৃ আৰু কেঁচুৱা দুয়োৰে বাবে কেইবাটাও লাভালাভ আছে।[3][6]
নিম্ন আৰু মধ্যমীয়া উপাৰ্জনৰ দেশবোৰত স্তন্যপান প্ৰায় সৰ্বজনীন স্তৰলৈ বৃদ্ধি কৰিব পাৰিলে বছৰি প্ৰায় ৮২০,০০০ পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যু প্ৰতিহত কৰিব পৰা যাব।[7] স্তন্যপানৰ দ্বাৰা বিকাশশীল আৰু উন্নত দেশ সমূহৰ কেঁচুৱাৰ শ্বাসনলীৰ সংক্ৰমণ আৰু ডায়েৰিয়াৰ আশংকা হ্ৰাস কৰিব পাৰি।[2][3] হাপানি, খাদ্য এলাৰ্জি আৰু মধুমেহ ৰোগৰ কম বিপদাশংকাৰ উপৰি অন্যান্য লাভালাভৰ তথ্য পোহৰলৈ আহিছে।[3] অৱশ্যে মেটা-বিশ্লেষণৰ অধিক শেহতীয়া ফলাফল অনুসৰি বিশেষ কোনো গুৰুত্বপূৰ্ণ প্ৰভাৱ বিচাৰি পোৱা হোৱা নাই।[7] স্তন্যপান কৰালে জ্ঞানীয় বিকাশ উন্নত হ'ব পাৰে আৰু প্ৰাপ্তবয়স্ক অৱস্থাত মেদবহুলতাৰ আশংকা হ্ৰাস হ'ব পাৰে।[2] মাতৃসকলে স্তন্যপান কৰোৱাৰ বাবে বিভিন্ন ধৰণৰ চাপ অনুভৱ কৰিব পাৰে, অৱশ্যে উন্নত দেশ সমূহত সাধাৰণতে ফৰ্মুলাৰ সহায়ত দুধদানিৰ সহায়ত স্তন্যপান কৰিয়ে শিশু ডাঙৰ হয়।[8] মাতৃৰ বাবে লাভালাভবোৰৰ ভিতৰত আছে প্ৰসৱৰ পিছত কম পৰিমাণে তেজৰ ক্ষৰণ, জৰায়ুৰ সংকোচন উন্নত হোৱা, আৰু প্ৰসৱোত্তৰ হতাশা হ্ৰাস হোৱা আদি।[3] স্তন্যপান কৰালে ঋতুস্ৰাৱ আৰু উৰ্বৰতা ঘূৰি অহাত পলম হয়, এই পৰিঘটনাক এমেনোৰিয়া বুলি কোৱা হয়।[3] মাতৃৰ বাবে দীৰ্ঘম্যাদী লাভালাভৰ ভিতৰত আছে স্তনৰ কৰ্কট ৰোগ, কাৰ্ডিওভাস্কুলাৰ ৰোগ, আৰু ৰিউমেটইড আৰ্থ্ৰাইটিছৰ আশংকা হ্ৰাস হয়।[3][7] পোনপটীয়াকৈ কৰা স্তন্যপান নৱজাতকৰ স্তন সূত্ৰতকৈ কম ব্যয়বহুল।[9][10]
বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি অন্যান্য স্বাস্থ্য সংগঠনবোৰে শিশুক ছয় মাহৰ বাবে কেৱল স্তন্যপান কৰোৱাৰ পৰামৰ্শ দিয়ে।[2][3][11] ইয়াৰ অৰ্থ হৈছে যে এই সময় চোৱাত শিশুক ভিটামিন ডি-ৰ বাহিৰে আন কোনো খাদ্য বা পানীয় সাধাৰণতে দিয়া নহয়।[12] ছয় মাহ বয়সত খাদ্য অভ্যাস কৰাৰ পিছত, একৰ পৰা দুই বছৰ বা অধিক বয়সলৈকে স্তন্যপান অব্যাহত ৰাখিব পাৰে।[2][3] বিশ্বব্যাপী, প্ৰায় ৩৮% নৱজাতকক তেওঁলোকৰ জীৱনৰ প্ৰথম ছয় মাহত কেৱল স্তন্যপান কৰোৱা হয়। .[2] ২০১৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত, ৮৩% মহিলাই স্তন্যপান কৰাইছিল, ইয়াৰে ৬ মাহৰ বাবে ৫৮% মহিলাই আৰু তাৰে কেৱল ২৫% মহিলাই হে প্ৰত্যক্ষ ভাৱে শিশুক কেৱল স্তন্যপান কৰোৱাৰ তথ্য পোৱা গৈছে।[13] স্তন্যপান কৰোৱাৰ অনুমতি নিদিয়া চিকিৎসা সম্বন্ধীয় স্থিতি বিৰল।[3] কিছুমান ব্যক্তিগত মনোৰঞ্জক ঔষধ গ্ৰহণ কৰা মাতৃয়ে স্তন্যপান কৰোৱাটো শিশুৰ বাবে ক্ষতিকাৰক।[14][15] ২০২০ চনত বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফে ঘোষণা কৰিছিল যে মহিলাসকলে কোভিড-১৯ মহামাৰীৰ সময়তো স্তন্যপান কৰাই থাকিব লাগে যদিও তেওঁলোকে নিশ্চিত বা সন্দেহ কৰিছে (বৰ্তমানৰ প্ৰমাণ ভিত্তিত) মাতৃদুগ্ধৰ জৰিয়তে কোভিড-১৯ সংক্ৰমণ হোৱাৰ সম্ভাৱনা নাই।[16] ধপাত সেৱন কৰা আৰু সীমিত পৰিমাণৰ সুৰা পান কৰা আৰু/বা কফি খোৱা আদিয়ে স্তন্যপানত প্ৰভাৱ নেপেলায়।[17][18][19]