From Wikipedia, the free encyclopedia
স্কাৰ্ভী ভিটামিন চি-ৰ অভাৱত হোৱা এক ৰোগ।[1] দুৰ্বলতা, ভাগৰ লগা আৰু হাত-ভৰিৰ বিষ এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ।[1][2] চিকিৎসাৰ অবিহনে লোহিত ৰক্ত কণিকাৰ সংখ্যা কমা, দাঁতৰ আলুৰ ৰোগ, চুলিৰ গুণাগুণ সলনি আৰু ছালৰ পৰা ৰক্তপাত হ'ব পাৰ।[1][3] ৰোগ বাঢ়ি গ'লে ঘাঁ সোনকালে নুশুকুৱা, ব্যক্তিত্বৰ সলনিৰ দেখা যোৱাৰ লগতে সংক্ৰমণ বা ৰক্তপাতৰ ফলত শেষত মৃত্যু পৰ্যন্ত হ'ব পাৰে।[2]
স্কাৰ্ভী | |
---|---|
অন্য নাম | ম'লাৰৰ ৰোগ (Moeller's disease), চিডলৰ ৰোগ (Cheadle's disease), স্কৰ্বিউটাছ,[1] বাৰ্ল'ৰ ৰোগ (Barlow's disease), হাইপ'এস্ক'বেমিয়া[1] |
স্কাৰ্ভী ৰোগাক্ৰান্ত দাঁতৰ আলু। দাঁতবোৰৰ মাজৰ ঠাই ৰঙা পৰাটো লক্ষ্য কৰক। | |
বিভাগ | অন্তঃস্ৰাৱী বিজ্ঞান |
লক্ষণ | দুৰ্বলতা, ভাগৰ লগা, চুলিৰ পৰিৱৰ্তন, হাত-ভৰিৰ বিষ, দাঁতৰ আলুৰ ৰোগ, সহজে তেজ ওলোৱা[1][2] |
কাৰণ | ভিটামিন চি-ৰ অভাৱ[1] |
আশংকাৰ কাৰণ | মানসিক ৰোগ, অস্বাভাৱিক খাদ্যাভ্যাস, সুৰাসক্তি, অকলে থকা বয়সীয়াল লোক, অন্ত্ৰৰ অশোষণ, ডায়েলাইছিছ[2] |
ৰোগ নিৰূপণ | লক্ষণৰ ওপৰত ভিত্তি কৰি[2] |
চিকিৎসা | ভিটামিন চি-ৰ ঔষধ[1] |
পুনৰাবৃত্তি | দুৰ্লভ[2] |
খাদ্যত ভিটামিন চি-ৰ অভাৱতে স্কাৰ্ভী ৰোগ হয়।[1] অতি কমেও এমাহলৈ খাদ্যপ্ৰাণ গ-ৰ অভাৱ ঘটিলে লক্ষণ দেখা যায়।[1][2] আজিকালি এই ৰোগ মানসিক ৰোগী, অস্বাভাৱিক খাদ্যাভ্যাস, সুৰাসক্ততা আৰু অকলে থকা বয়সীয়াল লোকৰ ক্ষেত্ৰতহে বেছিকৈ পোৱা যায়।[2] আন কাৰকৰ ভিতৰত আছে অন্ত্ৰৰ অশোষণ (intestinal malabsorption) আৰু ডায়েলাইছিছ।[2] মানুহ আৰু আন কিছুমান প্ৰাণীৰ বাবে ক'লাজেন তৈয়াৰ কৰিবলৈ খাদ্যত ভিটামিন চি-ৰ প্ৰয়োজন।[2] দৈহিক লক্ষণ, এক্স ৰে' আৰু চিকিৎসাৰ পাছত অৱস্থাৰ উন্নতি হোৱাকৈ চাই ৰোগ নিৰ্ণয় কৰা হয়।[2]
ভিটামিন চি ঔষধ মুখেৰে খাই ইয়াৰ চিকিৎসা কৰা হয়।[1] কেইদিনমানৰ পছতে লক্ষণৰ উন্নতি দেখা যায় আৰু কেইসপ্তাহমানৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য লাভ হয়।[2] ভিটামিন চি থকা খাদ্যৰ ভিতৰত টেঙা ফল-মূল, বিলাহী আৰু আলুৰ দৰে শাক-পাছলি প্ৰধান।[2] খাদ্য ৰান্ধিলে সাধাৰণতে ভিটামিন চি-ৰ পৰিমাণ কমি আহে।[2]
বৰ্তমান কালত ভাৰ্ভী দুৰ্লভ।[2] উন্নয়নশীল দেশবোৰত পুষ্টিহীনতাৰ লগত সচৰাচৰ স্কাৰ্ভী দেখা যায়।[2] শৰৰ্নাৰ্থীসকলৰ মাজত স্কাৰ্ভীৰ হাৰ ৫%ৰ পৰা ৪৫%।[4] প্ৰাচীন ইজীপ্টৰ সময়তে প্ৰথমে স্কাৰ্ভীৰ বিৱৰণ পোৱা যায়।[2] দীৰ্ঘ দূৰত্বৰ সাগৰ যাত্ৰাত স্কাৰ্ভীয়ে আহুকালৰ সৃষ্টি কৰিছিল।[5] অনুমান কৰা হয় যে জলপথৰ যুগত (Age of Sail) যিকোনো যাত্ৰাত প্ৰায় ৫০% নাবিকৰ স্কাৰ্ভীত মৃত্যূ হৈছিল।[6] ১৭৫৩ চনত স্কটিছ শল্য চিকিৎসক জে'মছ লিণ্ডে স্কাৰ্ভীক টেঙা ফল-মূলেৰে ভাল কৰিব পাৰি বুলি প্ৰমাণ কৰে।[7] কিন্তু ১৭৯৫ চনমানতহে স্বাস্থ্য সংস্কাৰক গিলবাৰ্ট ব্লেন আৰু আনসকলে নাবিকক নিয়মিত নেমু ৰস খুৱাবলৈ ব্ৰিটিছ ৰাজকীয় নৌবাহিনীক সৈমান কৰে।[6][7]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.