সোণাই-ৰূপাই অভয়াৰণ্য
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
সোণাই-ৰূপাই অভয়াৰণ্য (ইংৰাজী: Sonai Rupai Wildlife Sanctuary ) অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। অসমৰ ৰাজ্যিক চৰাই দেওহাঁহৰ ই এক উল্লেখযোগ্য বাসস্থান।[1] জৈৱবৈচিত্ৰ্যৰ লগতে এই অভয়াৰণ্যৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম।
সোণাই-ৰূপাই অভয়াৰণ্য | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল) | |
অসমত সোণাই-ৰূপাই অভয়াৰণ্যৰ অৱস্থিতি | |
অৱস্থান | অসম, ভাৰত |
নিকটতম চহৰ | তেজপুৰ |
স্থানাংক | 26°53′39″N 92°20′45″E |
মাটিকালি | ২২০ বৰ্গ কিলোমিটাৰ |
প্ৰতিস্থা | ১৯৯৮ |
কৰ্তৃপক্ষ | Department of Environment & Forests, Assam |
১৯৯৮ চনত ইয়াক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি দিয়া হয়।
সোণাই-ৰূপাই অভয়াৰণ্যৰ মাটিকালি প্ৰায় ২২০ বৰ্গ কিলোমিটাৰ।[2][3] ই হিমালয়ৰ পাদদেশত অৱস্থিত। তেজপুৰ আৰু গুৱাহাটীৰ পৰা এই অভয়াৰণ্যৰ দূৰত্ব ক্ৰমান্বয়ে ৫২ কিঃমিঃ আৰু ১৯৩ কিঃমিঃ। এই অভয়াৰণ্যৰ ১১০ বৰ্গ কিঃমিঃক নামেৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ছেটেেলাইট ক’ৰ হিচাপে স্বীকৃতি দিয়া হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]
অসমীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ, দল-হৰিণা, নাহৰফুটুকী বাঘ, বন-ৰৌ, শিয়াল, শৰপহু, সুগৰী পহু, সেন্দূৰী বান্দৰ, হলৌ বান্দৰ, বাদুলি, মলুৱা বান্দৰ, লাজুকী বান্দৰ, ছাগলী পহু, বনৰীয়া মেকুৰী, হাতী[4]
আমৰ’লীয়া হাঁহ, ইটাগুৰীয়া হাইঠা, উকাহ, কণামুছৰি, বিহুৱতী চৰাই, বুলবুলি, বৰীশেন, ভদৰকলি, ভীমৰাজ, মাছোৰোকা, দেওহাঁহ ইত্যাদি।
পাইথন, Russell's Viper আদি।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.