সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ নিজ-নিজ কক্ষপথত আৱৰ্তন কৰি থাকোঁতে কেতিয়াবা চন্দ্ৰ যেতিয়া পৰিভ্ৰমণৰ অৱস্থাত কিছু সময়ৰ বাবে পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান কৰে, তেতিয়া পৃথিবীৰ কোনো দৰ্শকৰ বাবে সূৰ্য আংশিক বা সম্পূৰ্ণৰূপে অদৃশ্য হৈ পৰে (কিছু সময়ৰ বাবে)। এই ঘটনাকে সূৰ্যগ্ৰহণ বোলা হয়। অমাবশ্যাৰ পাছত ন-জোন ওলোৱাৰ সময়তে এই ঘটনা ঘটে। পৃথিৱীত প্ৰতি বছৰে অন্তত দুটাৰ পৰা পাঁচটা সূৰ্যগ্ৰহণ হোৱা দেখা যায়। অৱশ্যে দুটাতকৈ অধিক পূৰ্ণগ্ৰাস দেখা নাযায়।[1] সাধাৰণতে এবছৰত এই ঘটনা দুইৰ পৰা সৰ্বোচ্চ পাঁচবাৰ পৰ্যন্ত হ’ব পাৰে। ইয়াৰে পূৰ্ণাগ্ৰহ সূৰ্যগ্ৰহণ শূন্যৰ পৰা দুবাৰ হ’ব পাৰে। পূৰ্ণাগ্ৰহ সূৰ্য গ্ৰহণ সাধাৰণতে অতি বিৰল।

Thumb
পূৰ্ণাগ্ৰহ সূৰ্যগ্ৰহণৰ জ্যামিতি (স্কে’লত নাই)
Thumb
১১ আগষ্ট ১৯৯৯ চনৰ পূৰ্ণাগ্ৰহ সৰ্যগ্ৰহণ

প্ৰকাৰ

পূৰ্ণাগ্ৰহ সূৰ্যগ্ৰহণ: এই গ্ৰহণত সূৰ্যটো চন্দ্ৰৰ দ্বাৰা সম্পূৰ্ণৰূপে ঢাক খায়।

সমকোণীয় পূৰ্ণাগ্ৰহ সূৰ্যগ্ৰহণ: এই গ্ৰহণ পূৰ্ণাগ্ৰহ সূৰ্য গ্ৰহণৰ দৰে সূৰ্য, পৃথিৱী আৰু সূৰ্য একে ৰেখাত থাকে যদিও চন্দ্ৰই সূৰ্যক সম্পূৰ্ণ ঢাকিব নোৱাৰে। চন্দ্ৰৰ আপেক্ষিক আকাৰ সূৰ্যতকৈ সৰু হয়, ফলত এই গ্ৰহণ উজ্জ্বল আঙঠি এটাৰ দৰে দেখা যায়।

হাইব্ৰিড সূৰ্যগ্ৰহণ: এই গ্ৰহণ পূৰ্ণাগ্ৰহ গ্ৰহণ আৰু সমকোণীয় পূৰ্ণাগ্ৰহ গ্ৰহণৰ মিশ্ৰণ। পৃথিৱীৰ কিছু অংশৰ পৰা এই গ্ৰহণ পূৰ্ণাগ্ৰহ হিচাপে দেখা যায় আৰু আন কিছু অংশৰ পৰা সমকোণীয় পূৰ্ণাগ্ৰহ গ্ৰহণ হিচাপে দেখা যায়। এনে সূৰ্য গ্ৰহণ অতি বিৰল।

আংশিক সূৰ্যগ্ৰহণ: এই গ্ৰহণত সূৰ্যটো চন্দ্ৰৰ দ্বাৰা আংশিকভাৱে ঢাক খায়।

ইতিহাস

পুনৰাবৃতিৰ চক্ৰ

বেবীলনীয় সভ্যতাৰ সময়ৰ পৰা মানুহে সূৰ্যগ্ৰহণৰ পৰ্যায়কাল নিৰ্ণয় কৰাৰ প্ৰমাণ পোৱা যায়। খ্ৰী:পূৰ্ব ১০০০তে সূৰ্যগ্ৰহণৰ পূৰ্বাভাস মানুহে দিব পাৰিছিল। এই সময়ৰ কেলেণ্ডাৰ প্ৰস্তুত কৰা জ্যোতিষীসকলে গ্ৰহণ সম্বন্ধে এটা আশ্চৰ্যকৰ মিল লক্ষ্য কৰে। তেওঁলোকে দেখে যে ১৮ বছৰ ১০ দিন মূৰে-মূৰে একেধৰণৰ গ্ৰহণৰ পুনৰাবৃতি হয়। এনেদৰে পুনৰাবৃবিৰ চক্ৰৰ পৰা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণক চিহ্নিত কৰাৰ প্ৰথা আৰম্ভ হয়। [2] পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণত হঠাৎ দিনতেই ৰাতিৰ আন্ধাৰ নামি আহে আৰু চাৰিওফালৰ প্ৰাকৃকিত পৰিৱেশত অনুৰূপ পৰিৱৰ্তন আহে। বতাহৰ গতি স্থিৰ হোৱা দেখা যায় আৰু হঠাৎ তাপমাত্ৰাও কমা দেখা যায়, চৰাই বাহলৈ ওভটাৰ দৃশ্য এই সময়ত দেখা যায়।


বৈজ্ঞানিক ব্যাখ্যা

সূৰ্যগ্ৰহণ প্ৰকৃততে চন্দ্ৰ, সূৰ্য আৰু পৃথিৱীআৱৰ্তনৰ বাবে ঘটা এটা আকস্মিক ঘটনা। পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব চন্দ্ৰৰ দূৰত্বতকৈ প্ৰায় ৪০০-গুণ অধিক আৰু সূৰ্যৰ ব্যাস চন্দ্ৰৰ ব্যাসতকৈ প্ৰায় ৪০০-গুণ বেছি। সেয়ে চন্দ্ৰ আৰু সূৰ্যৰ আপেক্ষিক আকাৰ পৃথিৱীৰ পৰা প্ৰায় সমান দেখি, প্ৰায় পাৰ্থক্য ০.৫ ডিগ্ৰীৰ। পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ কক্ষপথ আৰু সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ কক্ষপথ উপবৃত্তাকাৰ। সেয়ে বেলেগ বেলেগ সময়ত চন্দৰ আৰু সূৰ্যৰ আপেক্ষিক আকাৰ বেলেগ বেলেগ দেখা যায়। চন্দ্ৰ যেতিয়া পৃথিৱীৰ দূৰৈত অৱস্থান কৰি থাকে অথবা যেতিয়া পৃথিৱী সূৰ্যৰ তুলনামূলকভাৱে ওচৰত অৱস্থান কিৰ থাকে, তেতিয়া সূৰ্যগ্ৰহণ ঘটিলে চন্দ্ৰৰ আপেক্ষিক আকাৰ সূৰ্যতকৈ সৰু হয় আৰু ফলত সমকোণীয় পূৰ্ণাগ্ৰহ সূৰ্যগ্ৰহণ ঘটে। হাইব্ৰিড পূৰ্ণাগ্ৰহ সূৰ্যগ্ৰহণ যেতিয়া এই উপবৃত্তাকাৰ কক্ষপথৰ এটা অংশৰ পৰা আন এটা অংশলৈ চন্দ্ৰ বা পৃথিৱীৰ স্থান সলনি হয় তেতিয়া ঘটিব পাৰে।

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.