সুৰমা নদী

বাংলাদেশৰ নদী From Wikipedia, the free encyclopedia

সুৰমা নদীmap

সুৰমা নদী হৈছে বাংলাদেশ-ভাৰতৰ সীমা অতিক্ৰম কৰা এখন নদী। সুৰমা নদী বাংলাদেশৰ উত্তৰ-পূবৰ চিলেট আৰু সুনামগঞ্জ জিলাৰ এখন নদী। সুৰমা নদীক বাংলাদেশ জল উন্নয়ন ব'ৰ্ড বা "PAUBO"-য়ে উত্তৰ-পূব অঞ্চলৰ ৮৩ সংখ্যক নদী হিচাপে চিহ্নিত কৰিছে। ই বাংলাদেশৰ অন্যতম প্ৰধান নদী।

ক্ষিপ্ৰ তথ্য দেশসমূহ, প্ৰদেশ ...
সুৰমা নদী
Thumb
সুৰমা নদীৰ দৃশ্য
দেশসমূহ বাংলাদেশ, ভাৰত
প্ৰদেশ অসম
অঞ্চল চিলেট বিভাগ
জিলাসমূহ চিলেট জিলা, সুনামগঞ্জ জিলা
উৎস বৰাক নদী
মোহনা বাউলাই নদী
দৈৰ্ঘ্য ২৪৯ কিমি (১৫৫ মাইল)
Thumb
সুৰমাকে ধৰি বাংলাদেশৰ মূল নদীৰ গতিপথ
বন্ধ কৰক

অন্যান্য তথ্য

ই সুৰমা-মেঘনা নদী ব্যৱস্থাৰ অংশ। ইবন বটুতাই ১৫ দিন এই নদী পথত সাগৰৰ মাজেৰে যাত্ৰা কৰিছিল, তেওঁৰ ৰেহলা গ্ৰন্থত ইয়াৰ বিশদ বিৱৰণ আছে। উত্তৰ-পূব ভাৰতৰ পৰা অহা বৰাক নদী বাংলাদেশ সীমান্তত সুৰমা আৰু কুছিয়াৰা নদীত বিভক্ত হোৱাৰ লগে লগে ইয়াৰ আৰম্ভণি হয়।[1] ই চিলেট, সুনামগঞ্জ, নেত্ৰকোনা, কিশোৰগঞ্জৰ ওপৰেৰে বৈ গৈ মেঘনাৰ লগত মিলি যায়। ই ভৈৰব বাজাৰৰ ওপৰত কিশোৰগঞ্জ জিলাত শেষ হয়,[2] য'ত দুয়োখন নদী পুনৰ মিলি মেঘনা নদী গঠন হয়। নদীখনৰ পৰা ওলোৱা পানী শেষত বংগোপসাগৰলৈ বৈ যায়।

ধাৰা

মণিপুৰ পাহাৰৰ মাও সংসঙৰ পৰা বৰাক নদীৰ উৎপত্তি হৈছে। বাংলাদেশ সীমান্তত নৈখন দুটা শাখাত বিভক্ত, ইয়াৰ উত্তৰ শাখাটো হৈছে সুৰমা নদী, আৰু দক্ষিণৰ শাখাটো হৈছে কুছিয়াৰা নদী। এইখিনিতে সুৰমা নৈ চিলেট অঞ্চলত প্ৰৱেশ কৰি সুৰমা অৱবাহিকা গঠন কৰে।

ছবি সংগ্ৰহ

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.