![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/bc/Sushil_Kumar03.png/640px-Sushil_Kumar03.png&w=640&q=50)
সুশীল কুমাৰ
ভাৰতীয় মল্লযোদ্ধা / From Wikipedia, the free encyclopedia
সুশীল কুমাৰ (ইংৰাজী: Sushil Kumar; জন্ম: ২৬ মে’, ১৯৮৩)[1] এজন ভাৰতীয় মল্লযোদ্ধা। ২০১০ চনৰ ৱ’ৰ্ল্ড চেম্পিয়নস্বিপৰ ৬৬ কেজিৰ ফ্ৰি ষ্টাইল শাখাত স্বৰ্ণ আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰূপ আৰু ২০০৮ চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক পাই ক্ৰমাগতভাৱে দুখন অলিম্পিকত পদক পোৱা সুশীল কুমাৰ একমাত্ৰ ভাৰতীয়[2]। ২০১২ চনৰ অলিম্পিকৰ চূড়ান্ত খেলত কুমাৰক জাপানৰ তাতচুহিৰ’ য়’নেমিটচুৱে পৰাস্ত কৰে। বেইজিং অলিম্পিকত তেওঁ কাজাখাস্তানৰ লিঅ’নিড স্পিৰিড’ন’ভ হৰুৱাই ব্ৰঞ্জ পদক দখল কৰিছিল[2]।
সুশীল কুমাৰ | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জন্ম | ২৬মে’ ১৯৮৩[1] বাপৰ’লা, দিল্লী | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||
উচ্চতা | ১৬৬ ছে.মি. (৫ফুট ৫ ইঞ্চি) | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | মল্লযুদ্ধ | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||
শিতান | মল্লযুদ্ধ (ফ্ৰিষ্টাইল ৬৬ কেজি শাখা) | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ক্লাব | NIS, দিল্লী | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||
প্ৰশিক্ষক | শতপাল পদ্মশ্ৰী, যশবীৰ সিং | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
১৩ আগষ্ট ২০১২-ত নবীকৰণ কৰা হৈছে। |
১৯৫২ চনৰ হেলচিংকি অলিম্পিকত কে. দি. যাদৱে অৰ্জন কৰা মল্লযুদ্ধৰ ব্ৰঞ্জৰ পদকটিৰ পছত বেইজিঙৰ পদকটো আছিল মল্লযুদ্ধত ভাৰতৰ দ্বিতীয় অলিম্পিক পদক[3]। ২০০৯ চনৰ জুলাই মাহত তেওঁ ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰে[4]। ২০১০ চন ৩ অক্টোবৰত কমনৱেলথ খেলৰ কুইনচ বেটন ৰীলেত শেষৰজন বেটন বাহক হিচাপে সুশীল কুমাৰে ৰাজকুমাৰ চাৰ্লছক কুইনচ বেটন অৰ্পণ কৰিছিল।[5][6]