সিন্ধুতাঈ সপকাল
From Wikipedia, the free encyclopedia
সিন্ধুতাঈ সপকাল (ইংৰাজী: Sindhutai Sapkal, ১৪ নৱেম্বৰ ১৯৪৮ - ৪ জানুৱাৰী ২০২২) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু সামাজিক সক্ৰিয়বাদী। তেওঁ বিশেষকৈ ভাৰতত অনাথ শিশুক প্ৰতিপালন কৰাত তেওঁৰ অৱদানৰ বাবে জনা যায়। তেওঁক জনপ্ৰিয়ভাবে 'অনাথৰ মাতৃ' আৰু 'মাই' বুলি কোৱা হয়।[1] তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ২০১৭ চনত নাৰী শক্তি পুৰস্কাৰ আৰু ২০২১ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।
ক্ষিপ্ৰ তথ্য সিন্ধুতাঈ সপকাল, জন্ম ...
সিন্ধুতাঈ সপকাল | |
---|---|
২০১৮ চনত সিন্ধুতাঈ | |
জন্ম | ১৪ নৱেম্বৰ, ১৯৪৮ (৭৫ বছৰ) ৱাৰ্ধা, চেণ্ট্ৰেল প্ৰভিন্সেছ এণ্ড বেৰাৰ, মহাৰাষ্ট্ৰ, ভাৰত |
মৃত্যু | ৪ জানুৱাৰী, ২০২২ (৭৩ বছৰ) পুণে, মহাৰাষ্ট্ৰ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | অনাথৰ মাতৃ, মাই |
জনা যায় | অনাথ শিশুক লালন-পালন কৰা |
দাম্পত্যসঙ্গী | শ্ৰীহৰি সপকাল |
সন্তান | এগৰাকী কন্যা আৰু তিনিজন পুত্ৰ ১৪০০ তুলি লোৱা |
বঁটা, সন্মান, পুৰস্কাৰ আদি | নাৰী শক্তি পুৰস্কাৰ, ২০১৭ পদ্মশ্ৰী, ২০২১ |
বন্ধ কৰক