![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/d2/2005-jungle-babbler.jpg/640px-2005-jungle-babbler.jpg&w=640&q=50)
সাতভনী
চৰাইৰ প্ৰজাতি / From Wikipedia, the free encyclopedia
সাতভনী বা বাৰীলোটা (ইংৰাজী: Jungle Babbler, Turdoides striata), 'Leiothrichidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক সমগ্ৰ ভাৰত উপমহাদেশতে দেখিবলৈ পোৱা যায়৷ ই সাধাৰণতে ছয়ৰ পৰা দহটামান চৰাইৰ গোট হৈ চৰে৷ সাতোটামান চৰাই একেলগে ঘূৰি ফুৰে বাবে ইয়াক সাতভনী, সাতভাই, সাতভায়া আদি নাম দিয়া হৈছে৷ আনহাতে মানুহৰ বাৰী, জাৰণি আদিত পোক, লেটা, ফল-মূল আদি এফালৰ পৰা খাই ফুৰে বাবে বাৰীলোটাও বোলে৷[2]
ক্ষিপ্ৰ তথ্য সাতভনী (Jungle Babbler), সংৰক্ষণ স্থিতি ...
সাতভনী (Jungle Babbler) | |
---|---|
![]() | |
বাৰাণসীত দেখা সাতভনী | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Leiothrichidae |
গণ: | Turdoides |
প্ৰজাতি: | T. striata |
বৈজ্ঞানিক নাম | |
Turdoides striata (Dumont, 1823) | |
![]() | |
সমাৰ্থক | |
Turdoides striatus |
বন্ধ কৰক