![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/b9/Saikhom_Mirabai_Chanu.jpg/640px-Saikhom_Mirabai_Chanu.jpg&w=640&q=50)
সাইখোম মীৰাবাই চানু
ভাৰতীয় ভাৰোত্তোলক / From Wikipedia, the free encyclopedia
সাইখোম মীৰাবাই চানু (ইংৰাজী: Saikhom Mirabai Chanu, জন্ম: ৮ আগষ্ট ১৯৯৪) এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ আন্তৰ্জাতিক ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছত কেইবাবাৰো পদক লাভ কৰিছে। ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰিছিল। একে বছৰে তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।
সাইখোম মীৰাবাই চানু | ||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() ২০১৬ দক্ষিণ এছিয় ক্ৰীড়া সমাৰোহত মীৰাবাই চানু | ||||||||||||||||||||||||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ![]() | |||||||||||||||||||||||||||||||||||||||||||||||||||
জন্ম | ৮ আগষ্ট, ১৯৯৪ (২৯ বছৰ) নংপক কাকছিং, পূব ইম্ফল জিলা, মণিপুৰ, ভাৰত | |||||||||||||||||||||||||||||||||||||||||||||||||||
বাসগৃহ | মণিপুৰ, ভাৰত | |||||||||||||||||||||||||||||||||||||||||||||||||||
উচ্চতা | ১.৫০ মিটাৰ | |||||||||||||||||||||||||||||||||||||||||||||||||||
ওজন | ৪৮ কেজি | |||||||||||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | ||||||||||||||||||||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | |||||||||||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | ভাৰোত্তোলন | |||||||||||||||||||||||||||||||||||||||||||||||||||
শিতান | ৪৮ কেজি | |||||||||||||||||||||||||||||||||||||||||||||||||||
প্ৰশিক্ষক | কুঞ্জৰাণী দেৱী | |||||||||||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
তেওঁ ২০১৪ চনত গ্লাছগ'ত অনুষ্ঠিত কমনৱেলথ গেমছৰ মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত ৰূপৰ পদক অৰ্জন কৰিছিল। আকৌ ২০১৮ চনত অষ্ট্ৰেলিয়াৰ গোল্ডকষ্টত অনুষ্ঠিত কমনৱেলথ গেমছৰ মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত অভিলেখ সৃষ্টি কৰি সোণৰ পদক লাভ কৰিছিল। তেওঁৰ ২০১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এনাহাইমত অনুষ্ঠিত বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ চনৰ অলিম্পিকত মহিলাৰ ৪৯ কিলোগ্ৰাম ভাৰোত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে।[1]