সলিল চৌধুৰী
বঙালী সংগীত পৰিচালক, সুৰকাৰ, কবি, গীতিকাৰ আৰু গল্প-লেখক / From Wikipedia, the free encyclopedia
সলিল চৌধুৰী এজন ভাৰতীয় সংগীত পৰিচালক। তেওঁ মূলতঃ বঙালী, হিন্দী আৰু মালয়ালম চলচ্চিত্ৰত আদিকে ধৰি অন্যান্য আঞ্চলিক ভাষাৰ কথাছবি সমূহতো সংগীত পৰিচালনা কৰিছিল। ইয়াৰ বাদেও তেওঁ এজন কবি আৰু চিত্ৰনাট্যকাৰ আছিল। তেখেতৰ গুনগ্ৰাহীসকলৰ ওচৰত তেওঁ সলিলদা নামেৰে পৰিচিত আছিল।
ক্ষিপ্ৰ তথ্য সলিল চৌধুৰী, প্ৰাথমিক তথ্য ...
সলিল চৌধুৰী | |
---|---|
![]() সলিল চৌধুৰী | |
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | সলিল চৌধুৰী |
জন্ম | ১৯ নৱেম্বৰ, ১৯২২[1] |
মূল | চিংড়িপোতা, চব্বিশ পৰগনা জিলা, বাংলা প্ৰেছিডেন্সি (বৰ্তমান ভাৰতৰ পশ্চিমবংগত অৱস্থিত)[1] |
মৃত্যু | ৫ ছেপ্টেম্বৰ, ১৯৯৫ (৭২ বছৰ) |
পেচা | সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ আৰু গল্পকাৰ |
বন্ধ কৰক
তেখেতৰ সংগীত প্ৰতিভা মূলত ভাৰতীয় চলচ্চিত্ৰ শিল্পত ব্যাপকভাবে স্বীকৃত।[1] তেওঁ বিভিন্ন বাদ্যযন্ত্ৰ যেনে বাঁহী, পিয়ানো, এছৰাজ ইত্যাদি বজাবলৈ জানিছিল। তেওঁৰ মৌলিক কবিতাবোৰৰ বাবে তেখেত ব্যাপকভাৱে নন্দিত আৰু প্ৰশংসিত।[1]