সদস্য:Shyamal barua/অভয়াপুৰী
From Wikipedia, the free encyclopedia
অভয়াপুৰী হ'ল বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ সদৰ ৷ ই গুৱাহাটীৰ পৰা 200 কি: মি: আৰু জিলা সদৰ বঙাইগাঁৱৰ পৰা 21 কি: মি: দূৰত্বত অৱস্থিত ৷ দেৱদাৰু গছেৰে পৰিবেষ্টিত বাবে ই দেৱদাৰু নগৰী বুলিও জনাজাত ৷ 'ভৌগলিক অৱস্থিতি আৰু জনগাঁঠনি : অভয়াপুৰী নগৰৰ স্থানাংক হৈছে 26*20 উ আৰু 90*40 পূ ৷2001 চনৰ লোকপিয়ল মতে নগৰ সমিতিৰ জনসংখ্যা আছিল 14671 জন ৷
![]() |
ৱিকিপিডিয়ালৈ আদৰিছোঁ। ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈ চেষ্টা কৰাৰ বাবে আপোনাৰ প্ৰতি আমি চিৰকৃতজ্ঞ। আশাকৰোঁ আগলৈকো আপুনি ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ থাকিব। আপুনি সৃষ্টি কৰা এই প্ৰবন্ধটোৱে হয়তো ৱিকিপিডিয়াৰ নীতি-নিয়ম ঠিকমতে মানি চলা নাছিল। সেয়ে এই প্ৰবন্ধটোক আপোনাৰ সদস্যপৃষ্ঠালৈ স্থানান্তৰ কৰা হ’ল। আলোচনা পৃষ্ঠাত এই সম্পৰ্কে আৰু অধিক তথ্য থাকিব পাৰে, অনুগ্ৰহ কৰি সেয়া চাই লয় যেন। এই কামৰ বাবে আপুনি নিৰাশ নহ'ব। সদস্য পৃষ্ঠাত থাকিলেও আপুনি প্ৰবন্ধটো সম্পাদনাৰ কাম চলাই যাব পাৰে আৰু ইয়াৰ অলপ বিকাশ সাধন হোৱাৰ পাছত প্ৰবন্ধটো পুনৰ মুখ্য স্থানলৈ "স্থানান্তৰ" কৰি দিব পাৰিব। এইক্ষেত্ৰত আপুনি কিবা অসুবিধাৰ সম্মুখীন হ’লে আমি আপোনাক সহায় কৰিবলৈ সদায় প্ৰস্তুত। |
যোগাযোগ : অভয়াপুৰী নগৰৰ পৰা 7 কি: মি: দূৰত্বত 31 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 31(খ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থল তুলুঙীয়া ৷ উত্তৰ পূব সীমান্ত ৰেলপথৰ নিউবঙাইগাওঁ কামাখ্যা শাখা ৰেলপথে (গোৱালপাৰা হৈ) অভয়াপুৰীক চুই গৈছে ৷ 2 নং ৰাজ্যিক ঘাইপথ নগৰখনৰ সোঁমাজেদি পাৰ হৈ গৈছে ৷
অভয়াপুৰী নামৰ উৎপত্তি : ঐতিহাসিক বিজনী ৰাজ্যৰ ৰাজধানী অভয়াপুৰী নগৰৰ পূবদিশত ডুমুৰীয়া নামৰ ঠাইডোখৰত আছিল ৷ কিন্তু 1897 চনৰ ভূমিকম্পত ই ধ্বংশপ্ৰাপ্ত হয় আৰু দেওঁহাটীলৈ ইয়াক স্থানান্তৰ কৰা হয় ৷ ৰাজবংশৰ ৰাণী অভেয়াশ্বৰীৰ নামেৰে নগৰখনৰ নাম অভয়াপুৰী ৰখা হ'ল ৷