সদস্য:JBDVIJASDVI/বিশেষজ্ঞৰ বিশেষ অজ্ঞতা
From Wikipedia, the free encyclopedia
'বিশেষজ্ঞৰ বিশেষ অজ্ঞতা'ৰ ( False authority (single authority)) (Argument from authority) ওপৰত আধাৰিত যুক্তিবাণ এক যুক্তি-বিভ্ৰাট। দৰাচলতে কোনো বিষয়ৰ বিশেষজ্ঞৰ বিশেষজ্ঞতা বা তেৰাসৱৰ তথ্যোক্তি যিকোনো তৰ্কত এক শক্তিশালী যুক্তিবাণ হব পাৰে। ই বিভ্ৰাট হব যেতিয়া কেৱল তেনে এক তথ্যোক্তি মাত্ৰক আশ্ৰয় কৰি প্ৰতিপক্ষৰ কোনো উপস্থাপিত যুক্তিক খণ্ডন কৰিবলৈ লোৱা হয়। বিশেষজ্ঞজন যদিও সৰ্বসাধাৰণ ৰাইজতকৈ তেওঁৰ পাৰদৰ্শিতালিৰ ক্ষেত্ৰখনত ৰায় দিয়াৰ বাবে অধিক যোগ্য, তথাপিতো তেওঁৰো কেতিয়াবা ভুল হব পাৰে , মতত পক্ষপাতদুষ্টালি, অসতালি থাকিব পাৰে বা তেওঁৰ মত গোট্ভাৱনাৰ চিকাৰ হব পাৰে। এনে সম্ভাৱনাবোৰ থকাৰ বাবেই সত্য-প্ৰতিষ্ঠাৰ্থে বিশেষজ্ঞৰ মতবাদ সাধাৰণতে বিশ্বস্ণীয় নহয়।
![]() |
ৱিকিপিডিয়ালৈ আদৰিছোঁ। ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈ চেষ্টা কৰাৰ বাবে আপোনাৰ প্ৰতি আমি চিৰকৃতজ্ঞ। আশাকৰোঁ আগলৈকো আপুনি ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ থাকিব। আপুনি সৃষ্টি কৰা এই প্ৰবন্ধটোৱে হয়তো ৱিকিপিডিয়াৰ নীতি-নিয়ম ঠিকমতে মানি চলা নাছিল। সেয়ে এই প্ৰবন্ধটোক আপোনাৰ সদস্যপৃষ্ঠালৈ স্থানান্তৰ কৰা হ’ল। আলোচনা পৃষ্ঠাত এই সম্পৰ্কে আৰু অধিক তথ্য থাকিব পাৰে, অনুগ্ৰহ কৰি সেয়া চাই লয় যেন। এই কামৰ বাবে আপুনি নিৰাশ নহ'ব। সদস্য পৃষ্ঠাত থাকিলেও আপুনি প্ৰবন্ধটো সম্পাদনাৰ কাম চলাই যাব পাৰে আৰু ইয়াৰ অলপ বিকাশ সাধন হোৱাৰ পাছত প্ৰবন্ধটো পুনৰ মুখ্য স্থানলৈ "স্থানান্তৰ" কৰি দিব পাৰিব। এইক্ষেত্ৰত আপুনি কিবা অসুবিধাৰ সম্মুখীন হ’লে আমি আপোনাক সহায় কৰিবলৈ সদায় প্ৰস্তুত। |
![]() | এই প্ৰবন্ধত কোনো কোনো স্থানত অন্য ভাষাৰ পৰা অসমীয়ালৈ অনুদিত শব্দ/বাক্যাংশ ব্যৱহাৰ কৰা দেখা গৈছে। ইয়াৰে কোনো কোনো অনুবাদ অ-যথাযথ/অপ্ৰয়োজনীয়/বিভ্ৰান্তিকৰ যেন ভাৱ হয়। এনে ক্ষেত্ৰত অনুগ্ৰহ কৰি (১) উপযুক্ত অনুবাদ/অনুলিপি কৰি বা (২) বন্ধনীৰ ভিতৰত মূল শব্দটো দি বা (৩) শব্দটোৰ পাচতে {{মূল শব্দৰ প্ৰয়োজন}} বা {{ভাল অনুবাদ লাগে}} বুলি লিখি বিভ্ৰান্তি দুৰ কৰাত সহায় কৰক। লগতে আলোচনা পৃষ্ঠাত আলোচনাও কৰিব পাৰে। |
লেটিন ভাষাত argumentum ad verecundiam য়ে এই বিভ্ৰাটকে অন্য এক ধৰণে প্ৰকাশ কৰে। লেটিন শব্দ verecundia ৰ অৰ্থ লাজ বা ভদ্ৰতা । যেতিয়া প্ৰতিপক্ষ কোনো ক্ষেত্ৰত বিশেষজ্ঞ নহয় , যদিওবা একেবাৰে অজ্ঞও নহয় , তেতিয়া কোনো চতুৰবিদে তাহাঁতৰ ওচৰত বৰ বৰ বিশেষজ্ঞৰ মত দাঙি ধৰি বা নিজেও কোনো সমাজৰ মূধাফুটা বিশেষজ্ঞ হোৱাৰ যুক্তিবাণ মাৰি তাহাঁতৰ মনত লাজৰ সৃষ্টি কৰিবলৈ বিচাৰে যাতে ইন্দ্ৰৰ সভাত ফেচাঁৰ উৰূলি হোৱাৰ সংশয়ত সিহঁতে মাত মাতবলৈ বা সেই সংক্ৰান্তত অন্য যুক্তিবাণ মাৰিবলৈ কুন্ঠাবোধ কৰে।
মনোবিজ্ঞানত এছ্ছ্ ইফেক্ট ( Asch conformity experiments ) ত এনে যুক্তি-বিভ্ৰাটকে দৰ্শোৱা হৈছে । সৰ্বসাধাৰণ লোকসকলে প্ৰায়ে সমাজৰ মূধাফুটা লোকসকল বা সংখ্যাগুৰু সকলে সমৰ্থন কৰা বা প্ৰদৰ্শন কৰা কোনো ভুল আচাৰ-সিদ্ধান্তকো আকোঁৱালি লয় যদিও তেওঁলোক সেই আচাৰ-সিদ্ধান্তত থকা বিভ্ৰাটক স্পষ্ট ভাৱে দেখা পাবলৈ বা উপলব্ধি কৰিবলৈ সক্ষম । অৰ্থাত এই অৱস্থাত সৰ্বসাধাৰণ এনে যুক্তি-বিভ্ৰাটত আক্ৰান্ত হয়।