সদস্য:Gitartha.bordoloi/ধপাতৰ স্বাস্থ্যত প্ৰভাৱ
From Wikipedia, the free encyclopedia
{{সম্পাদনা দ্বন্দ}} সাঁচ:Tobacco সাঁচ:Smoking
ধঁপাতৰ স্বাস্থ্যত প্ৰভাৱ বুলিলে ধঁপাত সেৱনে পৰা মানুহৰ স্বাস্থ্যত পেলোৱা প্ৰভাৱৰ পৰিঘটনা, প্ৰক্ৰিয়া আৰু কাৰকসমূহ বুজোৱা হয়। এপিডেমীঅ'ল'জিকেল গৱেষণাসমূহত মূলতঃ চিগাৰেটৰ ধঁপাত সেৱনক সামৰি লোৱা হৈছে,[1] সেৱনৰ আন আন বিকল্পতকৈ ইয়াৰ বিষয়ে অধিক অধ্যয়ন কৰা হৈছে।[2]
বিশ্বজুৰি ধঁপাত সেৱন হৈছে প্ৰতিৰোধ কৰিব পৰা মৃত্যুৰ প্ৰধানতম কাৰণ।[3] ধঁপাতৰ ব্যৱহাৰে সাধাৰণতে হাওঁফাওঁ আৰু হৃদপিণ্ডৰ ৰোগ কৰে। হাৰ্ট এটেক, ষ্ট্ৰোক, ক্ৰ'নিক অব্ষ্ট্ৰাক্টিভ পালম'নেৰী ডিজিজ, ক্ৰনিক ব্ৰ'ঙ্কাইটিছ, কৰ্কট ৰোগ বিশেষকৈ হাওঁফাওঁৰ কৰ্কট, শ্বাসনলীৰ কৰ্কট, অগ্নাশয়ৰ কৰ্কট আদিৰ অন্যতম কাৰক হৈছে ধঁপাত। ই ৰক্তনলীকাৰ ৰোগ আৰু উচ্চ ৰক্তচাপৰো কাৰণ। এই প্ৰভাৱসমূহ ব্যক্তিজনে সেৱন কৰা চিগাৰেটৰ সংখ্যা আৰু সময়ৰ ওপৰত নিৰ্ভৰ কৰে। কম বয়সতে চিগাৰেট হুঁপা আৰম্ভ কৰা অধিক টাৰযুক্ত চিগাৰেট হুঁপিলে এই ৰোগবোৰৰ আশঙ্কা বাঢ়ে। ইয়াৰ লগতে পৰিৱেশিক চিগাৰেটৰ ধোঁৱা বা পৰোক্ষ চিগাৰেট সেৱনেও সকলো বয়সৰ লোকৰ স্বাস্থ্যৰ ক্ষতি কৰে।[4] অনুন্নত দেশসমূহত বিক্ৰী হোৱা চিগাৰেটত টাৰৰ মাত্ৰা বেছি থাকে আৰু লগতে চেকনীৰ সুবিধাও নাথাকে, গতিকে এইসমূহ ঠাইত ধঁপাতৰ পৰা ক্ষতিও অধিক হয়।[5] বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) হিছাপৰ মতে ২০০৪ চনত ধঁপাতৰ ফলত ৫.৪ নিযুত লোকৰ মৃত্যু হৈছে[6] আৰু বিংশ শতিকাজুৰি এই সংখ্যা প্ৰায় ১০০ নিযুত।[7] আমেৰিকা যুক্তৰাষ্টৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে ধঁপাতৰ ব্যৱহাৰ "উন্নত দেশসমূহত মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰিব পৰা প্ৰধান প্ৰতিৰোধযোগ্য কাৰক আৰু বিশ্বজুৰি কমবয়সীয়া মৃত্যুৰ গুৰুত্বপূৰ্ণ কাৰণ।"[8]
চিগাৰেটৰ ধোঁৱাত কেইবাবিধো কাৰ্চিন'জেনিক পাইৰ'লাইটিক দ্ৰব্য থাকে যি ডিএনএ'ৰ লগত যুক্ত হৈ বহু জেনেটিক মিউটেছন কৰে। চিগাৰেটৰ ধোঁৱাত ১৯ বিধ ৰাসায়নিক কাৰ্চিন'জেন চিনাক্ত কৰা হৈছে।[9] ধঁপাতত থকা নিক'টিন এবিধ মানসিক আসক্তিজনক যৌগ। গৰ্ভধাৰণত চিগাৰেট সেৱনে গৰ্ভপাত কৰিব পাৰে। লগতে কেঁচুৱাৰ দেহত ক্ষতি কৰি প্ৰাক্বয়স্ক জন্ম, জন্মৰ কম ওজন কৰাৰ লগতে চাডেন ইন্ফেণ্ট ডে'থ চিন্দ্ৰ'ম (SIDS)ৰ আশঙ্কা ১.৪ৰ পৰা ৩ গুণ পৰ্যন্ত বঢ়ায়।[10] এন্দুৰৰ ওপৰত কৰা পৰীক্ষাৰ পৰা জানিব পৰা গৈছে যে গৰ্ভত চিগাৰেটৰ ধোঁৱাৰ প্ৰভাৱে শিশুৰ মগজুৱে হাইপ'ক্সিয়া চিনাক্ত কৰাত বাধা দিয়ে যাৰ ফলত দুৰ্ঘটনাবশতঃ এছ্ফাইক্সিয়া বা শ্বাসৰুদ্ধতা হ'ব পাৰে।[11] পুৰুষৰ যৌন অসমৰ্থতাৰ হাৰ চিগাৰেট নোখোৱা লোকতকৈ চিগাৰেট খোৱাসকলৰ মাজত ৮৫% বেছি[12] আৰু ধঁপাত লিঙ্গ শিথিলতাৰ এক অন্যতম কৰক।[12][13][14]