সদস্য:Psneog/wikipedia
From Wikipedia, the free encyclopedia
ৱিকিপিডিয়া/Wikipedia হৈছে অব্যৱসায়ীক ৱিকিমিডিয়া ফাউণ্ডেছন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগীতামূলক, বহুভাষিক বিশ্বকোষ প্ৰকল্প । বিশ্বৰ বহুতো স্বেচ্ছাসেৱকেসহযোগীতাৰে ইংৰাজীত প্ৰায় ১৯ মিলিয়ন প্ৰৱন্ধ লিখি উলিয়াইছে । যিকোনো মানুহে প্ৰায় সকলো প্ৰৱন্ধই সম্পাদনা কৰিব পাৰে আৰু ইয়াৰ প্ৰায় ৯০,০০ সক্ৰিয় অৱদানকাৰী আছে [3][4]। জুলাই ২০১১ লৈকে ২৮২ তা ভাষাত ৱিকিপিডিয়াৰ সংস্কৰণ আছে । ৩৬৫ মিলিয়ন পঢ়ুৱৈৰে আৰু এলেক্সাত সকলো ৱেবচাইটৰ ভিতৰত সপ্তম স্থানেৰে[5] [6] ই বিশ্বৰ সৰ্ববৃহৎ আৰু ইণ্টাৰনেটৰ সৰ্বাধিক জনপ্ৰিয় সাধাৰণ প্ৰসংগ কৰ্ম [5][7][8][9]।
ৱিকিপিডিয়া | |
---|---|
soft2i ৱিকিপিডিয়াৰ প্ৰতীক, বিভিন্ন লিখন প্ৰণালীৰ গ্লিফ্ সম্বলিত এটা গোলক । | |
ইউ আৰ এল | wikipedia |
শ্লোগান | মুক্ত বিশ্বকোষ |
বাণিজ্যক | নাই |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | ঐচ্ছিক (কিছুমান বিশেষ কাম যেনে সুৰক্ষিত পৃষ্ঠাৰ সম্পাদনা, পৃষ্ঠাৰ সৃষ্টি বা ফাইল আপল'ড কৰা আদিৰ বাবেহে প্ৰয়োজনীয়) |
ভাষা | ২৭০ টা সক্ৰিয় সংস্কৰণ (মুঠ ২৮২ টা) es-us |
বিষয়বস্তু অনুজ্ঞাপত্ৰ | Creative Commons Attribution/ Share-Alike 3.0 (বেছিভাগ পাঠৰেGFDLৰো অন্তৰ্গত দ্বি-অনুজ্ঞাপত্ৰ আছে) মিডিয়া অনুজ্ঞাপত্ৰ ভিন্ন |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেছন (মুনাফাহীন) |
সৃষ্টিকৰ্তা | জিমী ৱেলচ, লেৰী ছেংগাৰ[1] |
অৱস্থান | মিয়ামি, ফ্ল'ৰিডা |
মুকলি | ১৫ জানুৱাৰী, ২০০১ |
এলেক্সা স্থান | ৭ (August 2011[update])[2] |
বৰ্তমান স্থিতি | সক্ৰিয় |
২০০১ চনত জিমী ৱেলচ আৰু লেৰী ছেংগাৰএ ৱিকিপিডিয়া মুকলি কৰে [10]। চেংগাৰে wiki (সহযোগীতামূলক ৱেবচাইট সৃষ্টি কৰিব পৰা এটা প্ৰযুক্তি,হাৱাইয়ান শব্দ wikiৰ পৰা যাৰ অৰ্থ হৈছে "ক্ষিপ্ৰ") আৰু encyclopediaশব্দ দুটা মিলাই Wikipedia শব্দটোৰ উদ্ভাৱন কৰে [11] and encyclopedia ।
Wikipedia's departure from the expert-driven style of encyclopedia building and the large presence of unacademic content has often been noted. ৱিকিপিডিয়া বিশেষজ্ঞৰদ্বাৰা লিখা নহয় আৰু ইয়াত থকা বহুতো অবিদ্যায়তনিক বস্তুৰবাবে ই লক্ষ্যণীয় হৈ উঠিছে। 'টাইম' আলোচনীয়ে 'আপোনাক' (you) '২০০৬ চনৰ ব্যক্তি' (Person of the year) হিচাপে নিৰ্বাচন কৰিছিল। এই নিৰ্বাচনৰ ভিত্তি আছিল 'ৱেব-২'-ৰ ভিত্তিত নিযুত ব্যক্তিৰ সংযোগী অৱদানেৰে গঠিত কেবাটও ৱেবছাইটৰ সাফল্য। 'ৱিকিপিডিয়া'কে ধৰি এই 'ৱেব-২'ৰ ভিত্তিত গঢ়ি উঠা ইউটিউব, মাইস্পেচ, ফেচবুক ইত্যাদি ৱেবস্থান প্ৰায় একে ধাৰণাৰে গঠিত।[12] বিশ্বকোষ সুলভ তথ্যভাণ্ডাৰ হোৱাৰ উপৰিও ৱিকিপিডিয়া এতিয়া খবৰৰ বাবেও জনপ্ৰিয়, যিকোনো খবৰ খুব সোনকালেই ৱিকিপিডিয়াত কেবাজনেও সংগ্ৰহ কৰে, ছপা মাধ্যমে এই খৰতকীয়া গতিৰ লগত তাল ৰখাত অক্ষম হোৱা দেখা যায়।[13][14]ছাত্ৰসকলক কোনো বিষয়ৰ ওপৰত প্ৰকল্প হিচাপেও প্ৰবন্ধ লিখিবলৈ দিয়া হৈছে।[15]
ৱিকিপিডিয়াত নিয়মাৱলীয়ে সদায়ে তথ্যৰ নিৰ্ভৰযোগ্যতা আৰু নিৰপেক্ষতাৰ ওপৰত গুৰুত্ব দি আহিছে যদিও, ঠিক এইকেইটা বিষয়ৰ বাবেই ৱিকিপিডিয়া প্ৰায়েই সমালোচনাৰ সম্মুখীন হৈ আহিছে। আকৌ ৱিকিপিডিয়াত জনপ্ৰিয় বিষয়ৰ প্ৰবন্ধৰ সৰহতা আৰু বিশেষজ্ঞ মতামততকৈও কেবাজনৰো সংগঠিত মতামতক বেছি গুৰুত্ব দিয়া নীতিৰ বাবেও ইয়াক সমালোচনা কৰা হৈছে।[16] and because it favors consensus over credentials in its editorial processes.[17]ৱিকিপিডিয়াৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত প্ৰশ্ন উঠিছে।[18] আকৌ তথ্য-বিকৃতি আৰু তাৰ জৰিয়তে কোনো ধাৰণা বা ব্যক্তি-বিশেষৰ প্ৰতি বিদ্বেষমূলক প্ৰচাৰকাৰ্য্যৰ বাবেই ৱিকিপিডিয়া সমালোচনাৰ সম্মুখীন হৈছে।[19] অৱশ্যে গৱেষণালব্ধ ফলাফলে দেখুৱায় যে এনে তথ্য-বিকৃতি সাধাৰণতে বেছি দিন থাকিবলৈ নাপায়।[20][21] ২০০৫ চনত 'নেচাৰ' পত্ৰিকাত প্ৰকাশিত এটা সমীক্ষাৰ মতে ৱিকিপিডিয়াৰ বিজ্ঞানৰ প্ৰৱন্ধবোৰৰ শুদ্ধতা এনচাইক্ল'পেডিয়া ব্ৰিটানিকা-ৰ ওচৰচপা আৰু 'ডাঙৰ ভুল'ৰ সংখ্যাও প্ৰায় সমানেই।[22]