সত্য সাই বাবা
ভাৰতীয় আধ্যাত্মিক গুৰু / From Wikipedia, the free encyclopedia
সত্য সাই বাবা (জন্মতে সত্য নাৰায়ণ ৰাজু; ২৩ নৱেম্বৰ ১৯২৬ৰ পৰা ২৪ এপ্ৰিল ২০১১)[4]) এজন ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু।[5] তেওঁ দাবী কৰা আৰু অনেক লোকে বিশ্বাস কৰা মতে, তেওঁ শিৰডীৰ সাই বাবাৰ (মৃত্যু: ১৯১৮) পুনৰ্জন্ম।[6] ভাৰতীয় আধ্যাত্মিক গুৰু মেহেৰ বাবাৰ মতে তেওঁ এজন তান্ত্ৰিক আৰু তেওঁ চমৎকাৰৰ বাবে তন্ত্ৰ ব্যৱহাৰ কৰিছিল।[7]
সত্য সাই বাবা | |
---|---|
জন্ম | ২৩ নৱেম্বৰ, ১৯২৬ পুত্তপৰ্থি, মাদ্ৰাছ (বৰ্তমান অন্ধ্ৰপ্ৰদেশ), ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৪ এপ্ৰিল, ২০১১ (৮৪ বছৰ) পুত্তপৰ্থি, অন্ধ্ৰপ্ৰদেশ, ভাৰত |
প্ৰকৃত নাম | সত্যনাৰায়ণ ৰাজু |
প্ৰতিষ্ঠাপক | সত্য সাই সংস্থা |
দৰ্শন | শিৰডী সাই বাবা আন্দোলন |
উক্তি | সকলোকে প্ৰেম কৰা, সকলোৰে সেৱা কৰা সদায় সহায় কৰিবা, কেতিয়াও কষ্ট নিদিবা[1][2][3] |
তেওঁ বিভূতি (পবিত্ৰ ভস্ম) আৰু অন্য সৰু বস্তু যেনে আঙঠি, হাৰ, ঘড়ী আদি প্ৰকট কৰিছিল যিয়ে চমৎকাৰী ৰূপত চিকিৎসা কৰা, পুনৰ জীৱন প্ৰদান কৰা আদিৰ কথা অনেকে কয়। ই যশ আৰু সমালোচনা দুয়োকে আমন্ত্ৰিত কৰিলে। তেওঁৰ ওপৰত যৌন নিৰ্যাতন আৰু নকলৰো অভিযোগ উত্থাপিত হৈছিল, কিন্তু তেওঁ তেনে অভিযোগক ষড়যন্ত্ৰ বুলি কৈ, অভিযোগ অস্বীকাৰ কৰিলে।[8][9][10]
তেওঁ সদস্যসকলে মানৱ সেৱাৰ দ্বাৰা আধ্যাত্মিক প্ৰগতি লাভ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা[11] সত্য সাই সংস্থাৰ ১২৬খন দেশত ১২০০তকৈ অধিক শাখা আছে।[12] এই সংস্থাৰ মাধ্যমেৰে সত্য সাই বাবাই বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে চিকিৎসালয়, ক্লিনিক, খোৱা পানীৰ প্ৰকল্প আদি পৰিচালনা কৰিছিল।[13][14][15]