![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/4d/Constitution_of_India.jpg/640px-Constitution_of_India.jpg&w=640&q=50)
সংবিধান দিৱস (ভাৰত)
২৬ নৱেম্বৰত ভাৰতীয় জাতীয় বন্ধৰ দিন / From Wikipedia, the free encyclopedia
সংবিধান দিৱস প্ৰতি বছৰে ২৬ নৱেম্বৰত ভাৰতত পালন কৰা হয়। ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধান সভায়ে ভাৰতীয় সংবিধান গৃহীত কৰিছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ই কাৰ্যকৰী হৈছিল।[1] সংবিধান দিৱসক ৰাষ্ট্ৰীয় আইন দিৱস হিচাপেও জনা যায়। ভাৰত চৰকাৰে ২০১৫ চনৰ ১৯ নৱেম্বৰ তাৰিখে অধিসূচনাৰ জৰিয়তে ২৬ নৱেম্বৰক সংবিধান দিৱস হিচাপে ঘোষণা কৰিছিল। ২০১৫ চনৰ ১১ অক্টোবৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ে মহাৰাষ্ট্ৰৰ মুম্বাইত ভীমৰাও ৰামজী আম্বেদকাৰৰ স্মৃতিত নিৰ্মাণ কৰা সমতাৰ মূৰ্তিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত ২৬ নৱেম্বৰ তাৰিখে সংবিধান দিৱস পালন কৰাৰ ৰাজহুৱা ঘোষণা কৰিছিল।[2] ২০১৫ বৰ্ষটো সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আৰু সংবিধানৰ খচৰা প্ৰস্তুতকৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভীমৰাও ৰামজী আম্বেদকাৰৰ ১২৫তম জন্মবাৰ্ষিকী আছিল।[1] পূৰ্বতে এই দিনা ৰাষ্ট্ৰীয় আইন দিৱস হিচাপে উদযাপন কৰা হৈছিল।[3] ২৬ নৱেম্বৰক সংবিধানৰ গুৰুত্ব বিস্তাৰ কৰিবলৈ আৰু আম্বেদকাৰৰ চিন্তা আৰু ধাৰণা বিস্তাৰ কৰিবলৈ বাছনি কৰা হৈছিল।[4]
সংবিধান দিৱস | |
---|---|
![]() ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা | |
অন্য নাম | ৰাষ্ট্ৰীয় আইন দিৱস |
পালন কৰে | ভাৰত |
প্ৰকাৰ | চৰকাৰী |
মহত্ব | ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধান সভায়ে ভাৰতীয় সংবিধান গ্ৰহণ কৰিছিল |
তাৰিখ | ২৬ নৱেম্বৰ |
উদযাপন | বিদ্যালয়সমূহত সংবিধান সম্পৰ্কীয় কাৰ্যকলাপ, সমতাৰ বাবে দৌৰ, বিশেষ সংসদীয় অধিবেশন |
সম্পৰ্কিত | ভাৰতীয় সংবিধান গণতন্ত্ৰ দিৱস |
অৱধি | এদিন |
সংঘটন | বাৰ্ষিক |