সংগীত নাটক
সঙ্গীতপ্ৰধান নাটক / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটোক সংগীত নাটক একাডেমী নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
সংগীত নাটক (ইংৰাজী: Sangeet Natak) হ’ল সংগীতপ্ৰধান নাটক। এনে নাটকত গদ্যৰ সমান্তৰালকৈ গীতৰ ৰূপত থকা কবিতাৰ দ্বাৰাও কাহিনী বৰ্ণনা কৰা হয়। সংগীত-নাটকে মাৰাঠী থিয়েটাৰৰ বিকাশত আৰু তেনেকৈ মাৰাঠী চলচ্চিত্ৰ বা বহল অৰ্থত ভাৰতীয় চলচ্চিত্ৰৰ বিকাশক এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। সংগীত-নাটক নটৰাজ বন্দনা, বিশেষকৈ 'সংগীত শকুন্তল' নাটকৰ 'পঞ্চতুণ্ড নৰৰুন্দমলধৰ'ৰে আৰম্ভ হয়। নটৰাজ বন্দনাক নন্দী বা মঙ্গলাচৰণ বা সূচকপদ বুলি কোৱা হয়। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ব্যৱহাৰৰ বাবে সংগীত নাটকবোৰ জনপ্ৰিয়। মহাৰাষ্ট্ৰ আৰু কাষৰীয়া অঞ্চলবোৰত নাট্য সংগীতৰ জনপ্ৰিয়তা দেখা যায়।[1]