ষ্টেৰইড
From Wikipedia, the free encyclopedia
ষ্টেৰইড (steroid) এক জৈৱিকভাৱে সক্ৰিয় জৈৱ যৌগ (organic compound) য'ত এক বিশেষ আণৱিক গাঁথনিৰ চাৰিটা চক্ৰ (ring) থাকে। ষ্টেৰইডৰ দুটা প্ৰধান জৈৱিক কাম আছে: কোষাৱৰণৰ তৰলতাত সালসলনি কৰা এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে; আৰু সংকেত বহনকাৰী অণু হিচাপে। উদ্ভিদ, প্ৰাণী আৰু ভেঁকুৰত শতাধিক ষ্টেৰইড পোৱা যায়। সকলো ষ্টেৰইড কোষতে লেন'ষ্টেৰল বা চাইক্ল'আৰ্টেনল (উদ্ভিদ) ষ্টেৰলৰ পৰা উৎপন্ন হয়।[2]
ষ্টেৰইডৰ মূল গঠনত সাধাৰণতে সোতৰটা কাৰ্বন পৰমাণু চাৰিটা চক্ৰৰে লগ লাগি থাকে: তিনিটা ছজনীয়া চাইক্ল'হেক্সন চক্ৰ (প্ৰথম ছবিখনৰ A, B আৰু C চক্ৰ) আৰু এটা পাঁচজনীয়া চাইক্ল'পেণ্টান চক্ৰ (D চক্ৰ)। এই চাৰিটা চক্ৰত সংযোগী কাৰ্যকৰী গোট আৰু চক্ৰকেইটাৰ জাৰণ অৱস্থাই ষ্টেৰইডৰ প্ৰকাৰ নিৰ্ণয় কৰে। তিনি নং স্থানত হাইড্ৰক্সী গোট আৰু কলেষ্টেনৰ এটা শৃংখল থাকিলে সেই ষ্টেৰইডক ষ্টেৰল বোলে।[1]:1785f[3] চক্ৰ গঠনৰ সালসলনি কৰি ষ্টেৰইডৰ অধিক পৰিৱৰ্তন কৰিব পাৰি। B চক্ৰ কাটি ছেক'ষ্টেৰইড উৎপন্ন কৰিব পাৰি যাৰ এবিধ ভিটামিন D3।
ষ্টেৰইডৰ উদাহৰণ কলেষ্টেৰল নামৰ চৰ্বি, যৌন হৰম'ন ইষ্ট্ৰাডিয়ল আৰু টেষ্ট'ষ্টেৰ'ন[4]:10–19 আৰু প্ৰদাহ-প্ৰতিৰোধী ঔষধ ডেস্কামিথাছ'ন।[5]