শৰদ অৰবিন্দ ববডে
ভাৰতৰ মুখ্য ন্যায়াধীশ / From Wikipedia, the free encyclopedia
শৰদ অৰবিন্দ ববডে (জন্ম ২৪ এপ্ৰিল ১৯৫৬) এগৰাকী ভাৰতীয় ন্যায়াধীশ আৰু ভাৰতৰ ৪৭তম মুখ্য ন্যায়াধীশ।[1] ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পায়। ইয়াৰ আগতে তেওঁ বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল।[2] তেওঁ বৰ্তমান দিল্লী বিশ্ববিদ্যালয় আৰু মহাৰাষ্ট্ৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, নাগপুৰৰ আচাৰ্য। ২০১৯ চনৰ ১৮ নৱেম্বৰ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে তেওঁক ভাৰতৰ মুখ্য ন্যায়াধীশ ৰূপে শপত বাক্য পাঠ কৰায়। ২০২১ চনৰ ২৩ এপ্ৰিল তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে আৰু ন্যায়াধীশ এন. ভি. ৰমনা দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হয়।
ক্ষিপ্ৰ তথ্য মাননীয় ভাৰতৰ মুখ্য ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) শৰদ অৰবিন্দ ববডে, ৪৭তম ভাৰতৰ মুখ্য ন্যায়াধীশ ...
মাননীয় ভাৰতৰ মুখ্য ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) শৰদ অৰবিন্দ ববডে | |
---|---|
৪৭তম ভাৰতৰ মুখ্য ন্যায়াধীশ | |
কাৰ্যকাল ১৮ নৱেম্বৰ ২০১৯ – ২৩ এপ্ৰিল ২০২১ | |
মনোনয়নকৰ্তা | ৰঞ্জন গগৈ |
নিয়োগকৰ্তা | ৰাম নাথ কোৱিন্দ |
উত্তৰসূৰী | এন. ভি. ৰমনা |
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ | |
কাৰ্যকাল ১২ এপ্ৰিল ২০১৩ – ১৭ নৱেম্বৰ ২০১৯ | |
মনোনয়নকৰ্তা | অলটামাছ কবিৰ |
নিয়োগকৰ্তা | প্ৰণৱ মুখাৰ্জী |
মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ | |
কাৰ্যকাল ১৬ অক্টোবৰ ২০১২ – ১১ এপ্ৰিল ২০১৩ | |
মনোনয়নকৰ্তা | অলটামাছ কবিৰ |
নিয়োগকৰ্তা | প্ৰণৱ মুখাৰ্জী |
বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ | |
কাৰ্যকাল ২৯ মাৰ্চ ২০০০ – ১৫ অক্টোবৰ ২০১২ | |
মনোনয়নকৰ্তা | আদৰ্শ সেন আনন্দ |
নিয়োগকৰ্তা | কে আৰ নাৰায়ণন |
ব্যক্তিগত তথ্য | |
জন্ম | ২৪ এপ্ৰিল, ১৯৫৬ (৬৭ বছৰ) নাগপুৰ, মহাৰাষ্ট্ৰ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
বন্ধ কৰক