![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/51/Bordowa.jpg/640px-Bordowa.jpg&w=640&q=50)
শ্ৰী শ্ৰী বটদ্ৰৱা থান
From Wikipedia, the free encyclopedia
বটদ্ৰৱা থান বা বৰদোৱা থান , চমুকৈ বৰদোৱা অসমৰ এখন পৱিত্ৰ তীৰ্থস্থান। নগাঁও চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ নিলগৰ বৰদোৱা নামে ঠাইত এই তীৰ্থস্থান অৱস্থিত[2]। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসত বৰদোৱা বিশেষ মৰ্য্যদা আছে। এই বৰদোৱা তথা আলিপুখুৰীতে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল[1]। ১৯ বছৰ বয়সতে ১৪৬৮ খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখনৰ স্থাপন কৰিছিল[1]। বটদ্ৰৱা থানৰ আন এক বিশেষত্ব হৈছে যে এইখন মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াত তেওঁ আৰম্ভ কৰা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল[3][1]। ই থানখনে ২৮৬ বিঘা মাটিকালি আগুৰি আছে[1]।
ক্ষিপ্ৰ তথ্য শ্ৰী শ্ৰী বটদ্ৰৱা থান, ভূ-স্থানাংক ...
শ্ৰী শ্ৰী বটদ্ৰৱা থান | |
---|---|
![]() বৰদোৱা, নগাওঁ, অসম | |
ভূ-স্থানাংক | 26.3503828°N 92.6795912°E / 26.3503828; 92.6795912 |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য/ অঞ্চল | অসম |
জিলা | নগাঁও |
স্থাপত্য আৰু সংস্কৃতি | |
মুখ্য দেৱ/ দেৱী | কৃষ্ণ |
ইতিহাস | |
নিৰ্মাণকাল (বৰ্তমান গৃহ) |
১৪৬৮[1] |
প্ৰতিস্থাপক | শ্ৰীমন্ত শংকৰদেৱ |
বন্ধ কৰক