শ্বেৰিল ছেণ্ডবাৰ্গ
আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী, বিলিয়নাৰ আৰু সমাজসেৱক / From Wikipedia, the free encyclopedia
শ্বেৰিল কাৰা ছেণ্ডবাৰ্গ (ইংৰাজী: Sheryl Kara Sandberg); জন্ম: ২৮ আগষ্ট, ১৯৬৯)[1] এগৰাকী আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী, বিলিয়নাৰ আৰু সমাজসেৱক। ছেণ্ডবাৰ্গে মেটা প্লেটফৰ্মছৰ মুখ্য পৰিচালন বিষয়া (COO) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ তেওঁ ২০২২ চনৰ ১ জুনত ঘোষণা কৰে যে তেওঁ ২০২২ চনৰ শেষৰফালে পদত্যাগ কৰিব। তেওঁ LeanIn.Org ৰ প্ৰতিষ্ঠাপকো।[2] ২০০৮ চনত তেওঁক ফেচবুকত চি অ' অ' হিচাপে নিযুক্তি দিয়া হয় আৰু কোম্পানীটোৰ দ্বিতীয় সৰ্বোচ্চ ৰেংকিঙৰ বিষয়া হিচাপে পৰিগণিত হয়।[3] ২০১২ চনৰ জুন মাহত তেওঁ ফেচবুকৰ পৰিচালনা সমিতিলৈ নিৰ্বাচিত হয়,[4] আৰু ফেচবুকৰ ব’ৰ্ডত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। কোম্পানীটোৰ বিজ্ঞাপন ব্যৱসায়ৰ মুৰব্বী হিচাপে ছেণ্ডবাৰ্গক কোম্পানীটোক লাভজনক কৰি তোলাৰ বাবে কৃতিত্ব দিয়া হৈছিল।[3] ফেচবুকৰ COO হিচাপে যোগদান কৰাৰ পূৰ্বে ছেণ্ডবাৰ্গ গুগলৰ গ্ল’বেল অনলাইন বিক্ৰী আৰু পৰিচালনাৰ উপ-সভাপতি আছিল আৰু ইয়াৰ দানশীল শাখা Google.org ৰ সৈতে জড়িত আছিল। ইয়াৰ পূৰ্বে ছেণ্ডবাৰ্গে আমেৰিকাৰ ট্ৰেজাৰীৰ সচিব লৰেন্স ছামাৰ্ছৰ মুখ্য কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
শ্বেৰিল ছেণ্ডবাৰ্গ Sheryl Sandberg | |
---|---|
২০১৩ চনত ছেণ্ডবাৰ্গ | |
জন্ম | শ্বেৰিল কাৰা ছেণ্ডবাৰ্গ ২৮ আগষ্ট, ১৯৬৯ (৫৪ বছৰ) ৱাশ্বিংটন ডিচি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
শিক্ষা | হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (কলা স্নাতক)), ব্যৱসায় প্ৰশাসনত স্নাতকোত্তৰ,MBA |
পেচা | মুখ্য পৰিচালনা বিষয়া, মেটা প্লেটফৰ্মছ (২০০৮) |
সক্ৰিয় হৈ থকা সময় | ১৯৯১–বৰ্তমান |
মুঠ আয় | ১.৯ বিলিয়ন আমেৰিকীয় ডলাৰ |
ৰাজনৈতিক দল | ডেম'ক্ৰেটিক দল |
বোৰ্ডৰ সদস্য | ফেচবুক ৱমেন ফৰ ৱমেন ইণ্টাৰনেছনেল গোলকীয় বিকাশৰ কেন্দ্ৰ ছাৰ্ভেমংকি |
দাম্পত্যসঙ্গী | ব্ৰায়ান ক্ৰাফ (বি. ১৯৯৩; বিবাহ বিচ্ছেদ ১৯৯৪) ডেভ গল্ডবাৰ্গ]] (বি. ২০০৪; মৃত্যু ২০১৫) |
অংশীদাৰ | টম বাৰ্ন্থা (২০১৯–বৰ্তমান;প্ৰণয়পাশত আবদ্ধ) |
সন্তান | ২ |
স্বাক্ষৰ | |
২০১২ চনত টাইমে যুগুত কৰা বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী লোকসকলৰ বাৰ্ষিক তালিকাত ছেণ্ডবাৰ্গৰ নাম অন্তৰ্ভুক্ত কৰা হয়।[5] ফৰ্বছ মেগাজিনৰ ২০২১ চনৰ বিলিয়নাৰ তালিকাত ছেণ্ডবাৰ্গৰ সম্পত্তিৰ পৰিমাণ ১.৭ বিলিয়ন মাৰ্কিন ডলাৰ বুলি কোৱা হৈছে, কাৰণ ফেচবুক আৰু অন্যান্য কোম্পানীত তেওঁৰ ষ্টক আছে।[6] ২০২২ চনত তেওঁ ঘোষণা কৰে যে তেওঁ মেটা চিঅ'অ' হিচাপে পদত্যাগ কৰিব কিন্তু তেওঁ ইয়াৰ ব'ৰ্ডত থাকিব।[7]